জনীয়া,17 জুন: ক’ভিড মহামাৰীক লৈ ত্ৰস্তমান সমগ্ৰ ৰাজ্য ৷ নিয়ন্ত্ৰিত হোৱা নাই ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে বৰপেটা জিলাটো বৃদ্ধি পাই আছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ বৃহস্পতিবাৰে বৰপেটা জিলাত দুপৰীয়া ভাগত নতুনকৈ ছজনৰ দেহত ধৰা পৰে ক’ভিড-19ৰ উপস্থিতি ৷
ইফালে ৰাজ্যখনক ক’ভিড মুক্ত কৰিবলৈ চৰকাৰে জাৰি কৰিছে এখনৰ পাচত আন এখন নতুন নীতি-নিৰ্দেশনা(SOP) ৷ তাৰ মাজতে বিশেষকৈ বৰপেটা জিলাৰ ক’ভিড পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে বৰপেটাবাসী ৷
জানিব পৰা মতে, কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেন্টাৰত 28 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইফালে বৃহস্পতিবাৰে ছজনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাচত জিলাখনত মুঠ ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ 34 জন ৷
চিকিৎসালয় খনৰ অধীক্ষক ডাঃ শামছুল আলমে জানিবলৈ দিয়া মতে, বৰপেটা চিকিৎসা মহাবিদ্যালয় খনত বৰ্তমানলৈকে 510 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছিল, তাৰৰে 326 গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷
জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি, বৰপেটা জিলাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 11 গৰাকী লোকৰ ৷ বৰ্তমানলৈকে 79 জন ক’ভিড ৰোগীক হোম আইচ’লেচনত ৰখা হৈছে ৷