কলগাছিয়া, ২ মে': ৰাজ্যৰ বাকী জিলাসমূহৰ লগতে বৰপেটা জিলাৰ ভিন্ন প্ৰান্ততো কৰ'ণা ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি হৈছে । ইফালে কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ প্ৰত্যেক বজাৰে বজাৰে পৰীক্ষাৰ জৰিয়তে ক'ভিড ৰোগী চিনাক্তকৰণ অভিযান অব্যাহত আছে । শনিবাৰৰ দিনটোত নতুনকৈ ১০ জন লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।
ৰোগী সকলৰ ভিতৰৰ যিসকলৰ জ্বৰ, কাহ আদি কৰ'ণাৰ লক্ষণ দেখা দিছে তেওঁলোকক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু লক্ষণ নথকা সকলক হোম কোৱাৰেন্টাইন দিয়া হয় । কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ নজৰুল ইছলামে এই বিষয়ে জনোৱাৰ লগতে সকলোকে ক'ভিড স্বাস্থ্যবিধি পালনৰ আহ্বান জনায় ।
লগতে পঢ়ক :মৰাণত একেটা পৰিয়ালৰ ১০ জন আক্ৰান্ত কৰ'ণাত