বজালী, ৭ মে': অসমৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা অধিক জটিলতাৰ দিশে গতি কৰিছে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৪৬ গৰাকী লোকে ক'ভিডত প্ৰাণ হেৰুৱালে । ইয়াৰে এগৰাকী বৰপেটা জিলাৰ বজালীৰ সৰুপেটাৰ বুলি জানিব পৰা গৈছে । শুকুৰবাৰে পুৱা বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল হেময়ন্তী তালুকদাৰ নামৰ মহিলাগৰাকীক । অৱশেষত মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱায় হেময়ন্তী তালুকদাৰে । হেময়ন্তী তালুকদাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপিকা আছিল । এতিয়ালৈকে জিলাখনত ৪ গৰাকীলৈ বৃদ্ধি পাইছে মহমাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ।
মিনি লকডাউন দিয়াৰ পাছতো ক'ভিডৰ সংক্ৰমণ ৰোধ হোৱা নাই ৰাজ্যত । বিগত ২৪ ঘণ্টাত ৰাজ্যত ৪,৯৩৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৯৭৬ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । উল্লেখ্য যে, ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ ৮.০৪ শতাংশলৈ বৃদ্ধি পাইছে । বৰ্তমান ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৩১,৮২৯ গৰাকী । ইফালে বিগত ২৪ ঘণ্টাত ৬১,৩৭৭ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । সম্প্ৰতি ৰাজ্যখনত ১৫৩১ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হৈছে । সৰ্বসাধাৰণ ৰাইজ সজাগ-সচেতন নহ'লে কৰ'ণা আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ৰাজ্যবাসী ।