ETV Bharat / state

বজালীত ক’ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি - বৰপেটা চিভিল হাস্পতাল

বজালীত ক’ভিড ৰোগীৰ সংখ্যা ৫৪৩ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পাইছে ।

as_bar_covid-new-cases-at-bojali_img
বজালীত ক’ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি
author img

By

Published : May 11, 2021, 10:03 AM IST

বৰপেটা, 11 মে’: সমগ্ৰ ৰাজ্যৰ লগতে বজালীতো ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি বজালীত ক’ভিড ৰোগীৰ সংখ্যা ৫৪৩ গৰাকীলৈ বৃদ্ধি পাইছে । জানিব পৰা মতে, সোমবাৰৰ দিনটোত বজালীৰ ভৱানীপুৰৰ বাংলীপাৰাত হৃদয় কলিতা(45) নামৰ এজন ব্যক্তিৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়৷ হৃদয় কলিতা দীৰ্ঘদিন ধৰি জ্বৰ ,কাহত ভূগি থকাত সোমবাৰে পুৱা সংকটজনক অৱস্থাত বৰপেটা চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও সন্ধিয়া ভাগত মৃত্যুক আকোঁৱালি লয় ৷

আনহাতে, মঙলবাৰে পুৱা বজালী জিলাৰ হকাৰটুপৰ ঘনাকান্ত দাস নামৰ আন এজন ব্যক্তিৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । মৃত ব্যক্তি জনৰ বয়স ৬৫ বছৰ আছিল আৰু তেওঁ শিক্ষকতা কৰিছিল বুলি জানি পৰা গৈছে । সোমবাৰে দিনৰ ভাগত তেওঁ ক’ভিড আক্ৰান্ত বুলি চিনাক্ত হয় ৷ ঘনাকান্ত দাসকে ধৰি এতিয়ালৈকে বজালীত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : ক’ভিডত স্বামীক হেৰুৱাই সমাজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.