ETV Bharat / state

বৰপেটাত এটা দিনতে ১৮৫ জন লোক ক'ভিডত আক্ৰান্ত

author img

By

Published : May 8, 2021, 12:02 PM IST

বৰপেটাত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । জিলাখনত ১,৯০১ জনলৈ বৃদ্ধি পায় ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা । মাত্ৰ এটা দিনতে জিলাখনত ১৮৫ জনকৈ লোক মহামাৰীৰ কবলত পৰে ৷

Barpeta Covid case
বৰপেটাত এটা দিনতে ১৮৫ জন লোক ক'ভিডত আক্ৰান্ত

বৰপেটা,৮ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ চৌদিশ এতিয়া মহামাৰী কৰ'ণাৰ গ্ৰাসত । প্ৰতিদিনে সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগতে হাজাৰ হাজাৰ লোকে অকালতে প্ৰাণ হেৰুৱাইছে । বিশ্বজুৰি মহামাৰী কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে । ৰাজ্যতো নিতৌ শ শ লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । ৰাজ্যৰ আন আন জিলাসমূহৰ সমান্তৰালকৈ বৰপেটা জিলাতো প্ৰত্যেক দিনাই আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে ।

শুকুৰবাৰৰ দিনটোত জিলাখনত ১৮৫ জনকৈ লোক মহামাৰীৰ কবলত পৰে ৷ শুকুৰবাৰে জিলাখনৰ ২,২৮৪ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । পৰীক্ষাৰ অন্তত ১৮৫ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিডৰ অৱস্থিতি । ইয়াৰ লগে লগে বৰপেটাত ১,৯০১ জনলৈ বৃদ্ধি পায় ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ।

আনহাতে, একেটা দিনতে জিলাখনত ২ জন ৰোগীয়ে কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । ফলত জিলাখনত এই পৰ্যায়লৈ নিহত হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পায় । আনহাতে, বৰ্তমান মহামাৰীত আক্ৰান্ত লোকসকলৰ ভিতৰত ৫৩৫ গৰাকীয়ে আৰোগ্য লাভ কৰে । শুকুৰবাৰৰ দিনটোত ১,৩৩৭ গৰাকী কৰ'ণা ৰোগী চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: কৰ'ণাৰ হটস্পটলৈ পৰিণত কৰিমগঞ্জ জিলা কাৰাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.