বৰপেটা, ২১ ডিচেম্বৰ: বৰপেটাৰ সৰভোগৰ সমীপৰ বেকী নৈৰ দলঙত এহাল যুৱক-যুৱতী অগ্নিদগ্ধ (Couple injured during birthday celebration) হোৱাৰ ঘটনা সন্দৰ্ভত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷ যোৱা 20 ডিচেম্বৰত বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ দলঙত সংঘটিত এই ঘটনাত যুৱকজনে যুৱতীগৰাকীৰ গাত জুই লগাই দিয়া নাছিল বুলি সদৰি কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
জন্মদিন পালন কৰি থকাৰ সময়ত যুৱক-যুৱতী দুগৰাকীৰ মাজত হোৱা কোনো মতানৈক্যৰ বাবে যুৱকজনেহে নিজৰ দেহত জুই লগোৱাৰ পিছত যুৱকজনৰ দেহৰ জুই নুমুৱাবলৈ যাওতেহে যুৱতীগৰাকীও অগ্নিদগ্ধ হয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
উল্লেখ্য যে, সৰভোগৰ দুগৰাকী যুৱক-যুৱতী সোমবাৰে নিশা বৰপেটাৰোডৰ বেকী নৈৰ দলঙত অগ্নিদগ্ধ হৈছিল ৷ ৰাজপথৰ ওপৰতে যুৱতী এগৰাকী অগ্নিদগ্ধ হোৱাৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ আনকি বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা যুৱক-যুৱতী দুগৰাকীয়ে সাংবাদিকৰ আগত প্ৰদান কৰা পৰস্পৰ বিৰোধী মন্তব্যই ঘটনাটোক অধিক ৰহস্যজনক কৰি তুলিছিল ৷ অৱশেষত মঙলবাৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ঘটনাটোৰ প্ৰকৃত ৰহস্য ফাদিল কৰি যুৱকজনেহে নিজেই দেহত জুই লগাই লৈছিল বুলি সদৰি কৰে ৷
লগতে পঢ়ক: মাতৃয়ে চৌকাত জ্বলোৱা জুয়েই কাল হ’ল দহ মহীয়া সন্তানৰ