বৰপেটা, 13 জুলাই : ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি আহিছে জলপানি ৷ পিছে এই জলপানিৰ ধনক লৈ ব্যাপক অনিয়ম সংঘটিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷
বৰপেটা জিলাৰ বহৰি অঞ্চলটো সংঘটিত হৈছে আঁচনিৰ ধনৰ নামত ব্যাপক অনিয়ম ৷ বহৰি হাইস্কুলৰ প্ৰধান শিক্ষক গোলাপ হুছেইন খানে ছাত্ৰ-ছাত্ৰীৰ ধন হৰলুকি কৰাৰ অভিযোগ ৰাইজৰ ৷
জানিব পৰা মতে,ছাত্ৰ-ছাত্ৰীসকলে পাবলগীয়া জলপানিৰ ধন দুই তিনিহাজাৰকৈ কমকৈ দিয়াৰ উপৰিও একাউন্টৰ সলনি নগদ ধন আদায় দিছিল ছাত্ৰ-ছাত্ৰীসকলক ৷ কিন্তু অভিযোগ অনুসৰি,প্ৰধান শিক্ষকজনে বেংক একাউন্ট খোলাৰ নামতো ছাত্ৰ-ছাত্ৰী সকলৰ পৰা আদায় কৰিছিল 500 কৈ টকা ৷
সোমবাৰে দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক গোলাপ হুছেইন খানৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকল সমবেত হোৱাত প্ৰধান শিক্ষক গৰাকী পলায়ন কৰে ৷ প্ৰধান শিক্ষক গোলাপ হুছেইন খানৰ কৰ্মকাণ্ডত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকল পিচত তাৰাবাৰী থানাত উপস্থিত হৈ জলপানিৰ ধন আত্মসাৎ কৰা প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ৷ ইপিনে নিজৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ধন আত্মসাৎ কৰা প্ৰধান শিক্ষকজনে সাংবাদিকৰ আগত ছাত্ৰ-ছাত্ৰীৰ অভিযোগক অস্বীকাৰ কৰে ৷
লগতে পঢ়ক : এখন পকী দলঙেই যাৰ ঠিকনা...