ETV Bharat / state

Kalgachia Panchayat Corruption : কলগাছিয়াত নলা নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 12, 2023, 10:57 PM IST

নিৰ্মীয়মান নলা নিৰ্মাণৰ ক্ষেত্ৰত বিসংগতি ৷ ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ তদন্তৰ পোষকতা (Allegation against Corruption) ৷

নলা নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি
Kalgachia Panchayat
Kalgachia Panchayatকলগাছিয়াত নলা নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বৰপেটা, 12 এপ্ৰিল : কলগাছিয়াত পঞ্চদশ আঁচনিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । নিৰ্মাণৰ এক সপ্তাহ পিচতে জহি খহি গৈছে নিৰ্মীয়মান নলা । ব্যাপক দুৰ্নীতিৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । পঞ্চদশ আঁচনিৰ অধীনত ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই নলাৰ কাম ((Allegation against Corruption) ।

বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত শওপুৰ গাঁও পঞ্চায়তৰ কৰাৰকুৰ বজাৰত নিৰ্মীয়মান নলা জহি খহি যোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অতি নিম্নমানৰে সামগ্ৰীৰে নলা নিৰ্মাণ কৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে । ৰাইজ দুৰ্নীতিৰ অভিযোগ তুলিছে সভানেত্ৰী শ্বমেলা মণ্ডলৰ বিৰুদ্ধে (Kalgachia Panchayat Corruption) ।

উল্লেখ্য যে, শওপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্বমেলা মণ্ডলে নিজে কাম নকৰি তাপেশ্বৰা গাঁও পঞ্চায়তৰ খণ্ড সদস্য নুৰুল আমিনক নলাৰ কাম চোৱা-চিতাৰ বাবে দায়িত্ব অৰ্পণ কৰিছে । কিন্তু পঞ্চায়ত সভানেত্ৰী আৰু ঠিকাদাৰে ব্যাপক দুৰ্নীতিৰে নিম্নমানৰ কাম কৰাৰ বাবে এক সপ্তাহ পূৰ্বে নিৰ্মাণ কৰা নলাটোৰ ওপৰেদি খোজকাঢ়ি যাওঁতেই ভাগি পৰে চিমেণ্টৰ ঢাকনি । ৰাইজৰ অভিযোগ অতি নিম্নমানৰ বালি আৰু চিমেণ্ট তথা প্ৰয়োজন অনুসাৰে বালি-চিমেণ্ট ব্যৱহাৰ নকৰাকৈ কাম কৰাৰ বাবেই দুদিন পূৰ্বে নিৰ্মাণ কৰা নলাৰ এই অৱস্থা হৈছে বুলি ৷

এই ক্ষেত্ৰত তদন্তৰ জৰিয়তে সভাপতি আৰু চোৱাচিতা কৰা ঠিকাদাৰৰ বিৰুদ্ধে শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইফালে পঞ্চায়ত সভানেত্ৰীৰ স্বামীয়ে মিস্ত্ৰীৰ ভুলৰ বাবেহে নলা ভাগি গৈছে বুলি সংবাদ মাধেযমৰ আগত উল্লেখ কৰে ৷ তদুপৰি, পঞ্চায়ত সভানেত্ৰীৰ স্বামীয়ে নিৰ্মীয়মান নলাটোৰ কামত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে পুনৰ নিৰ্মাণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে । বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : CM press meet : 11 হাজাৰৰো অধিক বিহুৱা বিহুৱতীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 25 হাজাৰকৈ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.