ETV Bharat / state

কাৰ আশীৰ্বাদত বৰপেটা-বাঘবৰ সংযোগী পথ নিৰ্মাণত চলিছে অবাধ দুৰ্নীতি ?

author img

By

Published : Jan 7, 2022, 10:30 PM IST

পথ নিৰ্মাণৰ নামত দুৰ্নীতি(Corruption in road construction of Barpeta) সংঘটিত হোৱাৰ অভিযোগত বাঘবৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়াৰ সৈতে মিলি নিম্নমানৰ কাম কাজেৰে এমবি কনষ্ট্ৰাকছন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দুৰ্নীতি কৰাৰ অভিযোগ ৷

corruption-in-road-construction-of-barpeta-creating-public-outrage
কাৰ আশীৰ্বাদত বৰপেটা-বাঘবৰ সংযোগী পথ নিৰ্মানত চলিছে অবাধ দুৰ্নীতি ?

বৰপেটা, ৭ জানুৱাৰী : বৰপেটা-বাঘবৰ সংযোগী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৷ এম বি কনষ্ট্ৰাকছন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পথ নিৰ্মাণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ (Corruption in road construction of Barpeta) ৷ লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়াৰ সৈতে মিলি নিম্নমানৰ কাম-কাজেৰে পথটো নিৰ্মাণ কৰা বাবেই এতিয়া ঠায়ে ঠায়ে এনেদৰে চপৰা চপৰে পকীপথৰ কাৰ্পেটিং এৰাই গৈছে বুলি দাবী কৰিছে ৰাইজে ৷

এই ঘটনাকলৈ বৰপেটাৰ বাঘবৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বাঘবৰৰ পৰা বৰপেটালৈ ৯৬ কোটি ১৮ লাখ ৩৯ হাজাৰ টকা ব্যয় সাপেক্ষে ২৮ কিলোমিটাৰ পথটোৰ নিৰ্মাণৰ নামত লোক নিৰ্মাণ বিভাগত চলা লুটৰাজক লৈ বাঘবৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Public outrage over Corruption in road construction in Barpeta)৷ অতি নিম্নমানৰ সামগ্ৰীৰে পথতো নিৰ্মাণ কৰাৰ ফলতেই এনেদৰে পথতো এৰাই যোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ যে পথচোৱা এনেদৰে চপৰা চপৰে এৰাই যোৱাৰ পিচতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এনেদৰে জোৰা তাপলি মাৰি মেৰামতি কৰি দিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ সু-সম্পৰ্ক আৰু লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ পকেটত সোমাই থকাৰ বাবেই এনেদৰে এম বি কনষ্ট্ৰাকছনে(Corruption allegation against MB construction) পথ নিৰ্মাণৰ নামত লুটৰাজ চলাব পাৰিছে বুলিও দাবী কৰিছে একাংশ ৰাইজে ৷ প্ৰায় এশ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পথটোত সংঘটিত অনিয়ম ৰোধ কৰিবলৈ আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ৰাজ্যত ৯ মাহত ১৩২১.৪৭ কোটি টকা আবকাৰী ৰাজহ সংগ্রহ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.