জনীয়া,18 ছেপ্তেম্বৰ: বৰপেটা জিলাৰ ৰূপসী উন্নয়ণ খণ্ডৰ অন্তৰ্গত লাচাংগা গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ এই অভিযোগ উত্থাপিত কৰিছে পঞ্চায়তটোৰ অধীনৰ একাংশ বঞ্চিত হিতাধিকাৰীয়ে ৷ প্ৰাপ্ত অভিযোগ মতে, গাঁও পঞ্চায়তটোৰ অন্তৰ্গত 9 নং খণ্ডৰ পঞ্চায়ত সদস্যা ৰাশিদা খাতুনৰ স্বামী আব্দুল খালেকে প্ৰাধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ লগতে জিঅ' টেগ কৰাৰ নামতো ধন সংগ্ৰহ কৰিছে ৷
পঞ্চায়ত খনৰ সভানেত্ৰী ফৰিদা পাৰবিনৰ স্বামী ৰাশিদুল ইছলামেও এই ধন সংগ্ৰহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী হিতাধিকাৰীয়ে ৷ ইয়াৰে কিছুমান হিতাধিকাৰীৰ অনলাইন লিষ্টত নাম থকাৰ পিছতো তেওঁলোকৰ নাম কাটি দিয়া হৈছে বুলিও পঞ্চায়ত সদস্যাৰ স্বামীয়ে হিতাধীকাৰীক অৱগত কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ৷
এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে হিতাধিকাৰীয়ে ৷ লগতে দুৰ্নীতিত জড়িত সকলক উচিত শাস্তি প্ৰদান কৰি প্ৰকৃত হিতাধিকাৰীক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে ৷