ETV Bharat / state

Corruption in Panchayat: ফুটুকাৰ ফেনত পৰিণত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি; জনীয়া সমষ্টিত ব্যাপক দুৰ্নীতি

author img

By

Published : Aug 6, 2023, 5:07 PM IST

জনীয়া সমষ্টিৰ জনতা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আঁচনিৰ কামত ব্যাপক দুৰ্নীতি । তথ্য জনাৰ অধিকাৰ আইনে উদঙালে 82 নং জনতা গাঁও পঞ্চায়তৰ বিভিন্ন উন্নয়নৰ নমুনা আৰু সীমাহীন দুৰ্নীতিৰ তথ্য । পঞ্চায়তৰ সভাপতি হাবিল খানৰ বিৰুদ্ধে সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ।

Corruption in Panchayat
ফুটুকাৰ ফেনত পৰিণত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি

জনীয়া, 6 আগষ্ট: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 82 নং জনতা গাঁও পঞ্চায়তত কালভাৰ্ট নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে ৰাইজে । জানিব পৰা মতে চতুৰ্দশ বিত্তীয় আয়োগৰ 2019-20 বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত আবু তায়েবৰ ঘৰৰ সন্মুখত মৰা বেঁকী নদীৰ ওপৰত কালভাৰ্ট নিৰ্মাণ কৰিবলৈ চৰকাৰৰ পৰা লাভ কৰিছিল 2 লাখ টকাৰ আৱন্টন ৷ অৱশ্যে কালভাৰ্ট নিৰ্মাণ নকৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে ।

জানিব পৰা মতে, জনতা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত সভাপতি হাবিল খান আৰু পঞ্চায়তটোৰ একাংশ সদস্যই এই কাম হাতত লৈছিল । কিন্তু ৰাইজে জানিবলৈ দিয়া মতে 4 নং খণ্ডৰ মৰা বেঁকী তথা আবু তায়েবৰ ঘৰৰ ওচৰত কোনো ধৰণৰ কালভাৰ্ট নিৰ্মাণ হোৱা নাই । ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে । অভিযোগ অনুসৰি, কালভাৰ্টটো স্থানান্তৰ কৰি কাদং-হাতছাৰা পথৰ পৰা বিল্লাল হাউচ ৰোডত নিৰ্মাণ কৰা হৈছে ৷

অৱশ্যে তাতেও চৰম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ 20-25 হাজাৰ টকাৰে অতি নিম্নমানেৰে কাম সম্পন্ন কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে 2019-20 চতুৰ্দশ বিত্তীয় বৰ্ষৰ অধীনত 3 লাখ 40 হাজাৰ টকা ব্যয় সাপেক্ষে জনতা গাঁও পঞ্চায়তৰ 10 নং খণ্ডত ৰাস্তা নিৰ্মাণত সীমাহীন দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । এই অভিযোগ উত্থাপিত হৈছে জনতা গাঁও পঞ্চায়তৰ সভাপতি হাবিল খানৰ বিৰুদ্ধে ।

Corruption in Panchayat
পঞ্চায়তৰ সভাপতি হাবিল খান

জানিব পৰা মতে কাশেম বি এছ চিৰ ঘৰৰ পৰা আইলাৰ খানৰ ঘৰলৈ নিৰ্মাণ হ’বলগীয়া ৰাস্তাৰ কামত 50,000-1 লাখ টকাৰ নাম মাত্ৰ কাম কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বৰষুণ দিলেই বোকা গচকি যাতায়ত কৰিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে । যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কৈছে ঠিক তেনে সময়ত পঞ্চায়ত বিভাগত একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে চৰম দুৰ্নীতি কৰি চৰকাৰৰ প্ৰতিশ্ৰুতি ধোৱাচাঙত তোলা পৰিলক্ষিত হৈছে ।

পঞ্চায়তটোত চলা কামৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ দাবী জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Terrible road accident: খাৱৈত গাড়ী বাগৰি মৃত্যু 6 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.