ETV Bharat / state

বৰটাৰী চেন্ট্ৰেল ৱাটাৰ কমিচনৰ কাৰ্যালয়ত ব্যাপক অনিয়মৰ অভিযোগ

নদী উন্নয়ন আৰু গঙ্গাৰ পুনৰ্জীৱন জলাশয় মন্ত্ৰনালয়ৰ ঠিকা ভিত্তিক কৰ্মচাৰীক নীতি বহিৰ্ভূত ভাৱে কৰ্তব্যৰ পৰা বহিষ্কাৰ কৰাৰ অভিযোগ ৷ সংবাদ মাধ্যমৰ আগত বিভাগটোৰ কাৰ্যালয়ত সংঘটিত হৈ থকা বিভিন্ন অনিয়মৰ অভিযোগ উত্থাপন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহিষ্কৃত খুৰছেদ আলমে ৷

author img

By

Published : May 5, 2021, 11:01 PM IST

বৰটাৰী চেন্ট্ৰল উৱাটাৰ কমিচনৰ কাৰ্যালয়ত ব্যাপক অনিয়ম

জনীয়া, 5 মে' : নদী উন্নয়ন আৰু গঙ্গাৰ পুনৰ্জীৱন জলাশয় মন্ত্ৰনালয়ৰ অধীনস্ত বৰপেটা জিলাৰ বৰটাৰীস্থিত খুদ্ৰখোৱা চেন্ট্ৰেল ৱাটাৰ কমিচন কাৰ্যালয়ৰ ঠিকা ভিত্তিক কৰ্মচাৰী খুৰছেদ আলমক বহিষ্কাৰ কৰা হৈছে ৷ হঠাৎ কামৰ পৰা বহিষ্কাৰ কৰি দিয়াত অসন্তুষ্ট খুৰছেদ আলমে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।

বৰটাৰীৰ চুপাভাইজাৰ নজমুল হকে প্ৰকাশ কৰা মতে, কোনো লোকক কামত নিয়োগ কৰাটো ঠিকাদাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে । কিন্তু বহিষ্কৃত খুৰছেদ আলমে কামত গাফিলতি নকৰাকৈ কাম কৰি আহিছিল বুলি প্ৰকাশ কৰে চুপাৰভাইজাৰ গৰাকীয়ে । খুৰছেদ আলমক কৰ্তব্যৰ পৰা বহিষ্কাৰ কৰাৰ দিনৰ পৰাই উক্ত কাৰ্যালয়ত কৰ্মৰত আন এগৰাকী কৰ্মচাৰীৰ ভাতৃক সেই দায়িত্বত নিয়োগ কৰাত খুৰছেদ আলমে এক ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, খুৰছেদ আলমৰ বিপৰীতে সেই দায়িত্বত নিয়োগ কৰা স্বৰিফুল নামৰ যুৱক জনক কোনে, কেতিয়া নিয়োগ কৰিছে সেই বিষয়ে নিজে জ্ঞাত নহয় বুলি মন্তব্য কৰে নতুনকৈ নিয়োজিত স্বৰিফুল নামৰ উক্ত যুৱকজনে ৷

লগতে পঢ়ক : কৰ’ণাৰ ভয়াৱহতা : বন্ধ হ’ল পবিতৰা অভয়াৰণ্যৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.