ETV Bharat / state

কাৰ্যালয়তে গেলি পচি গ’ল কৃষকৰ প্ৰয়োজনীয় সামগ্ৰী, কাণসাৰ নাই কৃষি বিভাগৰ - Corruption in Agriculture

Corruption in Agriculture Department: কৃষি বিষয়াৰ এই কাণ্ডজ্ঞানহীনতা ৷ কৃষকক নিদিয়াকৈ কৃষি কাৰ্যালয়তেই গেলি পচি নষ্ট হৈছে কুইন্টলে কুইন্টলে ডলোমাইট পাউডাৰ, পচন সাৰ ৷

ECorruption in Agriculture Department
Etv Bharatকাৰ্যালয়তে গেলি পচি গ’ল কৃষকৰ প্ৰয়োজনীয় সামগ্ৰী, কাণষাৰ নাই কৃষি বিষয়াৰ
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 2:24 PM IST

Updated : Jan 11, 2024, 3:02 PM IST

কাৰ্যালয়তে গেলি পচি গ’ল কৃষকৰ প্ৰয়োজনীয় সামগ্ৰী, কাণষাৰ নাই কৃষি বিষয়াৰ

জনিয়া, 11 জানুৱাৰী : কলগাছিয়াৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ কাৰ্যালয়ত বিয়াগোম দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে । কৃষকক নিদিয়াকৈ কৃষি কাৰ্যালয়তেই গেলি পচি নষ্ট হৈছে কুইন্টলে কুইন্টলে ডলোমাইট পাউডাৰ, পচন সাৰ আদি । কৃষি বিষয়াৰ এই কাণ্ডজ্ঞানহীন কামে ৰাইজৰ চকু কপালত তুলিছে ৷

বৰপেটা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কলগাছিয়াতস্থিত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ ৰূপসীখণ্ড সমল কেন্দ্ৰৰ কাৰ্যালয়ৰ চৌহদতেই বস্তাই বস্তাই গেলি পচি নষ্ট হৈছে কেইবা কুইন্টল ডলোমাইট পাউডাৰ । কলগাছিয়াৰ কৃষি উন্নয়ন আৰু সম্প্ৰসাৰণ বিষয়া (এ ডি অ’) মেগনা গগৈ, ক্ষুদ্ৰকুছি কৃষি উন্নয়ন আৰু সম্প্ৰসাৰণ বিষয়া ৰেহেনা আলীৰ নেতৃত্বত চলি থকা বৃহত্তৰ কলগাছিয়া অঞ্চলৰ কৃষক সকলৰ উন্নয়নৰ বাবে চৰকাৰে আৱন্টন দিয়া ডলোমাইট পাউডাৰ, পচন সাৰ আদি সময়মতে মৎস্য পালক আৰু কৃষকসকলক নিদিয়াকৈ মজুত কৰি ৰখাৰ ফলত গেলি পচি নষ্ট হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । ফলত কাৰ্যালয় চৌহদত বস্তাই বস্তাই পৰি ৰৈছে মাছৰ পুখুৰীত ব্যৱহাৰ কৰিব পৰা ডলোমাইট পাউডাৰসমূহ ।

উল্লেখ্য যে, কলগাছিয়া কৃষি চক্ৰৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তত কৃষকসকলৰ সুবিধাৰ্থে এফ পি অ' গঠন কৰা হৈছে যদিও এফ পি অ' সমূহৰ দ্বাৰা উপকৃত হোৱা নাই কোনো এজনো কৃষক । জানিব পৰা মতে, অলপতে চৰকাৰে কৃষকসকলৰ বাবে সৰিয়হ, নহৰু, বাদাম, আলু আদিৰ বীজ আৱন্টন দিছে যদিও প্ৰকৃত কৃষকসকলে নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে খেতিত শূঁৰ পোকৰ পৰা আৰম্ভ কৰি বিভিন্ন পোক-পতংগই আক্ৰমণ কৰি তহিলং কৰাৰ পিচতো কৃষি বিভাগৰ দায়িত্বত থকা গ্ৰামসেৱক সকলে খেতি পৰিদৰ্শন কৰিবলৈ নোযোৱাৰ অভিযোগ উত্থাপন হৈছে । স্মৰ্তব্য যে, আত্মাৰ কাৰ্যালয়ত গেলি পচি নষ্ট হোৱা পাউডাৰ আৰু পচন সাৰ কৃষকক নিদিয়াকৈ কি কাৰণত বস্তাই বস্তাই পেলাই দিব লগা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে কলগাছিয়া জিলা আমছুৰ নেতা-কৰ্মীসকলে ।

আমছু নেতা ইউনুচ আলীয়ে বিষয়টো সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ জিলা আয়ুক্ত আয়ুস গাৰ্গক দাবী জনাইছে ৷

লগতে পঢ়ক: নিজম পৰিল অসম গ্ৰন্থমেলাৰ বাকৰি

Last Updated : Jan 11, 2024, 3:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.