ETV Bharat / state

জনীয়া ৰাজ্যিক চিকিৎসালয়ত দুৰ্নীতিঃ ভুৱা চহীৰে গাণনিকে সৰকালে হিতাধীকাৰীৰ ধন

author img

By

Published : Nov 15, 2019, 1:41 PM IST

বৰপেটা জিলাৰ জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে,উক্ত চিকিৎসালয়ত কৰ্মৰত চিকিংসক তথা গাণনিক গৰাকীয়ে ভুৱা চহীৰে হিতাধিকাৰীৰ ধন মোকোলাই নিয়াৰ কথা পোহৰলৈ আহিছে, এই দুৰ্নীতিৰ বিৰুদ্ধে বৰপেটা যুটীয়া স্বাস্থ্যসঞ্চালকে কি স্থিতি গ্ৰহণ কৰিব সম্প্ৰতি এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে ৷

জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ হিতাধীকাৰীৰ

জনীয়া, 15 নৱেম্বৰ: বৰপেটা জিলাৰ জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত চিকিৎসালয়ত কৰ্মৰত চিকিংসক তথা গাণনিক গৰাকীয়ে ভুৱা চহীৰে হিতাধিকাৰীৰ ধন মোকোলাই নিয়াৰ কথা পোহৰলৈ আহিছে । উক্ত ঘটনাৰ সৈতে ডাঃ ছামাদ আলী আৰু শ্বাহজাহান আলী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । ৰাজ্যৰ স্বাস্থ্যবিভাগে ‘জননী সুৰক্ষা যোজনা’ নামৰ এক আঁচনিৰ জৰিয়তে প্ৰসূতিক ১৪শ টকা প্ৰদান কৰি আহিছে । কিন্তু চিকিৎসালয় খনত সেই ধন প্ৰদান কৰাৰ বিপৰীতে আত্মসাৎ কৰাৰ এক ভয়ংকৰ তথ্য সম্প্ৰতি জানিব পৰা গৈছে ।

জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ হিতাধীকাৰীৰ

ঘটনাৰ বিৱৰণী মতে, মফিদা খাতুন নামৰ এগৰাকী প্ৰসূতিয়ে ২০১৫ চনৰ ২৭ আগষ্টত এগৰাকী কন্যা সন্তান জন্ম দিয়ে । অথচ প্ৰসূতি গৰাকীয়ে আজিকোপতি প্ৰাপ্য ধনখিনি পোৱা নাই । মহিলা গৰাকীয়ে চিকিৎসালয়লৈ তাঁতবাতি কৰিও ধনখিনি মোকলাব নোৱাৰিলে । শেষত ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে চিকিৎসালয়ৰ গাণনিক শ্বাহজাহান আলীক সোধ-পোচ কৰে ৷ ইতিপূৰ্বেই ধনখিনি মোকলাই নিয়া বুলি গাণনিকজনে মহিলা গৰাকীৰ স্বামীক জানিবলৈ দিয়ে । উপায়ন্তৰহৈ মফিদাৰ স্বামীয়ে ঘটনাটো সাংবাদিকৰ আগত অৱগত কৰে ৷ সাংবাদিকে প্ৰসূতি গৰাকীৰ চহীৰ নমুনা মিলাই চোৱাৰ পিছত এই কথা ধৰা পৰে ৷ বৰ্তমানলৈকে প্ৰায় ৩০ গৰাকীৰো অধিক প্ৰসূতিৰ ধন একেগৰাকী ব্যক্তিয়ে ভুৱাচহীৰে উলিয়াই নিয়াৰ কথা পোহৰলৈ আহে । এইক্ষেত্ৰত বিশেষকৈ গাণনিক গৰাকীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলি টোৱাইছে স্থানীয় ৰাইজে । উক্ত ঘটনাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰিছে চিকিৎসক গৰাকীয়ে । এই দুৰ্নীতিৰ বিৰুদ্ধে বৰপেটা যুটীয়া স্বাস্থ্যসঞ্চালকে কি স্থিতি গ্ৰহণ কৰিব সম্প্ৰতি এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে ৷

লগতে চাওক:কামাখ্যা জংচনত উৰিল ১০ লাখ টকীয়া ৰাষ্ট্ৰীয় পতাকা

Intro:slug: as_jania_15nov_jania_state_dispensary_corruption_vis3+but+pho1_spl_pkg_asc10058

Anchor: জনীয়া ৰাজ্যিক চিকিৎসালয়ত জননী সুৰক্ষা যোজনাত ব্যাপক দূৰ্নীতিৰ অভিযোগ। জাল চহীৰে মুকলাই নিছে বহু হিতাধিকাৰীৰ ধন। চিকিৎসালয় খনৰ গাণনিক ছাজাহান আলী এই দূৰ্নীতিত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। চাওক আমাৰ এক প্ৰতিবেদন - Body:slug: as_jania_15nov_jania_state_dispensary_corruption_vis3+but+pho1_spl_pkg_asc10058

VO: স্বাস্থ্য বিভাগে প্ৰসূতিক জননী সুৰক্ষা যোজনা নামৰ এক জনহিতকাৰি আঁচনিৰ জৰিয়তে ১৪ শ টকাকৈ প্ৰদান কৰি আহিছে। যাৰ জৰিয়তে বহু গৰিব-দুখীয়া মানুহৰ উপকাৰ হৈছে। কিন্তু জনীয়া ৰাজ্যিক চিকিৎসালয়ত প্ৰসূতিক সেই ধন প্ৰদান নকৰি জাল চহীৰে আত্মসাৎ কৰাৰ এক ভয়ংকৰ আৰু নিন্দনীয় তথ্য পোহৰলৈ আহিছে। মফিদা খাতুন নামৰ এগৰাকী প্ৰসূতিয়ে ২০১৫ চনৰ ২৭ আগষ্টত এজনী কন্যা সন্তান জন্ম দিয়ে। অথচ মফিদা খাতুনে আজিকোপতি তেওঁৰ প্ৰাপ্য ধন পোৱা নাই। মফিদা খাতুনে নিজৰ ধন পোৱাৰ দাবীত চিকিৎসালয়ত অহা-যোৱা কৰি ভৰিৰ ছাল ছিগাৰ দৰে হয় যদিও মফিদাক ধন দিয়া নহয়। শেষত ঘটনা সন্দৰ্ভত মফিদা খাতুনৰ স্বামীয়ে গাণনিক ছাজাহান আলীৰ পৰা জানিব বিচৰাত গাণনিক ছাজাহানে ধন খিনি চহী কৰি মুকলাই নিয়া বুলি কয়। উপায়ন্তৰ হৈ মফিদাৰ স্বামীয়ে ঘটনাটো সাংবাদিকক অৱগত কৰাৰ পাছত পোহৰলৈ আহে সমস্ত ঘটনা। সাংবাদিকে মফিদা খাতুনৰ চহী মিলোৱাৰ পাছত দেখা যায় ৩০ গৰাকীৰো অধিক হিতাধিকাৰীৰ ধন এজন ব্যক্তিয়ে জাল চহীৰে মুকলাই নিছে। এই ক্ষেত্ৰত গাণনিক ছাজাহান আলীৰ অজ্ঞতে এই কাম কেনেকৈ সম্ভৱ বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনা দূৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰিছে ডাঃ ছামাদ আলীয়ে। এই দূৰ্নীতিৰ বিৰুদ্ধে বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবনে? সম্প্ৰতি এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে জনীয়াবাসী ৰাইজৰ মাজত।Conclusion:slug: as_jania_15nov_jania_state_dispensary_corruption_vis3+but+pho1_spl_pkg_asc10058

Byte: মফিদা খাতুনৰ স্বামী, ডাঃ ছামাদ আলী, গাণনিক ছাজাহান আলী।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.