জনীয়া,2 এপ্ৰিলঃ সমগ্ৰ দেশব্যাপী লক ডাউন কাৰ্যসূচী চলি থকাৰ সময়তে বাঘবৰৰ মইনবৰীত বুধবাৰ নিশাৰ ভাগত বহিঃৰাজ্যৰ চালক, হেণ্ডিমেনসহ চাৰিখন ট্ৰাক উপস্থিত হৈছিল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত । জানিব পৰা অনুসৰি, মধ্য প্ৰদেশৰ পৰা এখন আৰু পঞ্জাৱৰ পৰা তিনিখন ট্ৰাক মইনবৰী বজাৰত দেখা পোৱা মাত্ৰকে স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় ।
ইফালে,বহিঃৰাজ্যৰ ট্ৰাক চালক আৰু হেণ্ডিমেন সকলৰ শাৰিৰীক স্বাস্থ্য পৰীক্ষা নকৰাকৈ কেইজনমান ব্যৱসায়ীয়ে বহিঃৰাজ্যলৈ মাকৈ প্ৰেৰণৰ চেষ্টা চলোৱা কাৰ্যক বিভিন্ন মহলে ধিক্কাৰ দিছে । এইক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে ৰাইজে । যি সময়ত দেশব্যাপী কৰ’ণা ভাইৰাছৰ আতংকত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়ত বাঘবৰ সমষ্টিৰ মইনবৰীত সংঘটিত এই অবিবেচকী কাণ্ডই সকলোৰে চকু কপালত তুলিছে ।
বিলাসীপাৰাঃ বিলাসীপাৰাৰ বগৰীবাৰীতো বুধবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ পঞ্জাৱৰ পৰা অহা এখন শ্ৰমিক কঢ়িওৱা ট্ৰাকে তিনিখনকৈ পথত থকা আৰক্ষী থানাৰ বেৰিকেড ভাঙি পলাই যাবলৈ চেষ্টা কৰে ৷ উল্লেখ্য যে, লক ডাউনত আৱদ্ধ থকা ৪০ জন শ্ৰমিকক গুৱাহাটীৰ পৰা ধুবুৰীলৈ ট্ৰাকখনৰে কঢ়িয়াই অনা হৈছিল ৷ গোপন খবৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰে ট্ৰাকখন ৷
উল্লেখ্য যে, চাপৰ, শালকোছা, নয়াহাট আৰক্ষী থানাৰ বেৰিকেড ভাঙি অহা ট্ৰাকখনৰ নম্বৰ হৈছে পিবি 65 এডি 2759 ৷ আৰক্ষীয়ে নিৰ্দেশ নমনা ট্ৰাকখনক পিছে পিছে খেদি যোৱাত বগৰীবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বৰ পৰা খাপ পিটি থকা আৰক্ষীক দেখি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰে ৷ কিন্তু চালক, হেণ্ডিমেনসহ 30 জন যাত্ৰী আন্ধাৰৰ সুযোগত পলায়ন কৰিবলৈ সক্ষম হয় ৷ বিপৰীতে আৰক্ষীয়ে আটক কৰে মহিলাসহ আন দহজন শ্ৰমিকক ৷ আৰক্ষীয়ে আটক কৰা শ্ৰমিকসকল ধুবুৰী আৰু দক্ষিণ শালমাৰা নিবাসী আৰু গুৱাহাটীত কাম কৰি আছিল বুলি জানিব পৰা গৈছে ৷ ইফালে, লক ডাউন অমান্য কৰি শ্ৰমিক কঢ়িয়াই অনা ট্ৰাকৰ চালকক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায় দল-সংগঠনে ৷
লগতে চাওকঃ জুৰীয়াত দিল্লীৰ পৰা ওভতা ব্যক্তিক চিনাক্ত স্বাস্থ্য বিভাগৰ