বৰপেটা,26মে' :বৰপেটাৰ জিলাৰ 9 গৰাকীকৈ লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ সোমবাৰে নিশা স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা ঘোষণা কৰে ৷ কৰ'ণাত আক্ৰান্ত 9গৰাকী ব্যক্তিয়েই বৰপেটাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছিল ৷ জানিব পৰা মতে, আমজাদ আলী (১৬), মহিদুল আলী (২৭), মহিদুল ইছলাম (১৯), ওমৰ ফাৰুক, আমিৰ হামজা (১৯),আৰিফুল ইছলাম (১৬),হজৰুল ইছলাম (১৯), চোহিব ভূঞা (১৮) আৰু আকিবুল মল্লিক নামৰ এই আটাইকেইজন ব্যক্তি 20মে'ত উভতি আহিছিল গুজৰাটৰ পৰা ৷ ইয়াৰ লগতে তেওঁলোকে গুজৰাটৰ আহমেদাবাদৰ নাৰায়ণ নগৰত এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল ৷ইতিমধ্যে কৰ'ণাত আক্ৰান্ত আটাইকেইগৰাকী ব্যক্তিকে চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ লৈ যোৱা হৈছে ৷ আনহাতে,কৰ'ণাত আক্ৰান্ত ব্যক্তিকেইগৰাকীৰ ঠিকনা সদৰী কৰা নাই স্বাস্থ্য বিভাগে ৷
বৰপেটাৰ জিলাৰ 9 গৰাকীকৈ লোকৰ দেহত COVID-19 প'জিটিভ - COVID-19 প'জিটিভ
আটাইকেইজন ব্যক্তি 20মে'ত উভতি আহিছিল গুজৰাটৰ পৰা ৷ ইয়াৰ লগতে তেওঁলোকে গুজৰাটৰ আহমেদাবাদৰ নাৰায়ণ নগৰত এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল ৷ইতিমধ্যে কৰ'ণাত আক্ৰান্ত আটাইকেইগৰাকী ব্যক্তিকে চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ লৈ যোৱা হৈছে ৷