ETV Bharat / state

Attempt to murder in Barpeta: সমবায় সমিতিৰ সভাপতিক প্ৰাণে মৰাৰ চেষ্টা সমবায়ৰ সম্পাদকৰ বিৰুদ্ধে - Cooperative society secretary

বৰপেটাৰ বহৰিত সমবায় সমিতিৰ সভাপতিক প্ৰাণে মৰাৰ চেষ্টা সমবায়ৰ সম্পাদকৰ বিৰুদ্ধে (Cooperative society secretary allegedly tried to kill president) ৷ বলে'ৰ পিকআপ ভানেৰে পিছফালৰ পৰা খুন্দিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে বহৰিত সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইনৰ বিৰুদ্ধে ৷

attempt to murder
বহৰিত সমবায় সমিতিৰ সভাপতিক প্ৰাণে মৰাৰ চেষ্টা সমবায়ৰ সম্পাদকৰ
author img

By

Published : Feb 8, 2023, 2:29 PM IST

বহৰিত সমবায় সমিতিৰ সভাপতিক প্ৰাণে মৰাৰ চেষ্টা সমবায়ৰ সম্পাদকৰ

বৰপেটা, ৮ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ বহৰিৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ ৷ চাউল চুৰিৰ অভিযোগত অভিযুক্ত সম্পাদক মুক্তাৰ হুছেইনে মঙলবাৰে নিশা সমবায় সমিতিৰ সভাপতি আতোৱাৰ ভূঞাক হত্যাৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বহৰিৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ সভাপতি আতোৱাৰ ভূঞা যোৱা নিশা এগৰাকী বন্ধুৰ সৈতে বহৰি বজাৰৰ পৰা নিজ ঘৰমুৱা হৈছিল ৷ বন্ধুৰ সৈতে মটৰ চাইকেলেৰে ঘৰলৈ বুলি আহি আছিল ৷ কিন্তু আহি থকা অৱস্থাতে পিছফালৰ পৰা আতোৱাৰ ভূঞাক অনুসৰণ কৰি আহিছিল AS-25 CC 6117 নম্বৰৰ এখন বলেৰ’ পিকআপ ভানে ৷ স্থানীয় লোকে জনোৱা মতে বাহনখন আছিল সম্পাদক মুক্তাৰ হুছেইনৰ ৷ তাৰোপৰি সেই সময়ত বাহনখনত খোদ উপস্থিত আছিল বাহনখনৰ গৰাকী মুক্তাৰ হুছেইন ৷

তাৰ পিছত হঠাৎ পিছফালৰ পৰা আহি পিকআপ ভানখনে আতোৱাৰ ভূঞাক খুন্দিয়াই হত্যাৰ অপচেষ্টা চলায় (Attempt to murder in Barpeta) ৷ খুন্দা মৰাৰ লগতে বাইকখন লৈ পৰি যায় আতোৱাৰ ভূঞাসহ বন্ধু ৷ ফলত গুৰুতৰভাৱে আহত হয় দুয়ো ৷ পিছত সেই স্থানত স্থানীয় ৰাইজ উপস্থিত হৈ আহত দুয়োগৰাকীকে চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই ৷ ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে দুয়োকে ৷

উল্লেখ্য যে সুলভ মূল্যৰ বাবে অনুমোদিত আঁচনিসমূহ হৈছে দৰিদ্ৰ লোকৰ বাবে সহায়ক হোৱাকৈ চৰকাৰে গ্ৰহণ কৰা এক বৃহৎ আঁচনি ৷ যি আঁচনিৰ জৰিয়তে অতি কম মূল্যতে হিতাধিকাৰীয়ে লাভ কৰে চাউল ৷ ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰে এই চাউল ৷

ৰেচন কাৰ্ডত পৰিয়ালৰ প্ৰত্যেক গৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত থাকে আৰু সেই অনুসৰি সকলোকে সুলভ মূল্যৰ দোকানীয়ে চাউল বিতৰণ কৰে ৷ কিন্তু বিভিন্ন সময়ত কিছু দুৰ্নীতি পৰায়ন সমবায় সমিতিৰ সভাপতি সম্পাদকৰ বাবে বহু সময়ত দুখীয়া দৰিদ্ৰ ৰাইজে নাপাই নিজৰ প্ৰাপ্ত চাউল ৷

এইজন সম্পাদক মুক্তাৰ হুছেইনৰ বিৰুদ্ধেও ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চুৰিৰ অভিযোগ উঠিছিল ৷ ইয়াৰ পিছতে বিষয়টো সন্দৰ্ভত অপৰাধ অনুসন্ধান সংস্থাৰ দ্বাৰা অভিযুক্ত কৰা হৈছিল মুক্তাৰ হুছেইনক ৷ সেয়াহে ৰাইজৰ অভিযোগ নিজৰ কু-কৰ্ম ঢাকিবলৈ এনেদৰে সমবায় সমিতিৰ সভাপতিগৰাকীকে বাহনেৰে খুন্দিয়াই পৰিকল্পিতভাৱে হত্যা কৰাৰ চেষ্টা চলায় ৷ লগতে ৰাইজে অভিযোগ কৰে যে, সম্পাদকজনে সভাপতিগৰাকীক হত্যা কৰি সভাপতিৰ পদ ল’বলৈও এই কাৰ্য সংঘটিত কৰিব বিচাৰিছিল ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত মুক্তাৰ হুছেইনৰ বিৰুদ্ধে বহৰিৰ তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে আহত আতোৱাৰ ভূঞা পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Husband killed by wife: প্ৰেমিকৰে মিলি স্বামীক হত্যা; এতিয়া ৰঙাঘৰত মৃতকৰ পত্নীসহ প্ৰেমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.