ETV Bharat / state

Constituency Delimitation: সৰুক্ষেত্ৰী সমষ্টি বিলুপ্তিকৰণ মানি লোৱা নোলোৱাৰ হুংকাৰ ৰাইজৰ

author img

By

Published : Jul 7, 2023, 6:55 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে সৰ্থেবাৰীত প্ৰতিবাদ ৷ প্ৰতিবাদ সাব্যস্ত কৰিলে সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিয়ে ৷ সৰ্থেবাৰী চক্ৰ বিষয়াৰ জৰিয়তে নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ ৷

Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে সৰ্থেবাৰীত প্ৰতিবাদ

বৰপেটা ৭জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টি বিলুপ্তিকৰণ কৰাৰ বিৰোধিতাৰে সৰুক্ষেত্ৰীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । শুকুৰবাৰে সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিয়াই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰাৰ দাবী উত্থাপন কৰে ।

প্ৰথমতে বনিয়াকুছি বজাৰত এখন সভা অনুষ্ঠিত হয়। তাৰ পাচতেই এক প্ৰতিবাদী সমদল বাহিৰ কৰে সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিয়ে । সৰুক্ষেত্ৰী সমষ্টি বাহাল ৰাখক, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰক, সৰুক্ষেত্ৰী সমষ্টি বিলুপ্তিকৰণ মানি লোৱা নহ'ব, সৰুক্ষেত্ৰী সমষ্টি জিন্দাবাদ, নিৰ্বাচন আয়োগ হায় হায় আদি শ্লো’গানেৰে সৰ্থেবাৰীৰ আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদী সমদলকাৰীয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হৈ সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনৰ জৰিয়তে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । সমষ্টি পুনৰ গঠনৰ চূড়ান্ত প্ৰস্তাৱত ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিটো বাহাল ৰখাৰ দাবীৰে এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিয়ে । উল্লেখ্য যে 19 শতিকাতে বৃটিছৰ বিৰুদ্ধে ৰাইজমেল পাতি সমগ্ৰ ভাৰততে পৰিচিত লাভ কৰিছিল ৷ স্বাধীন ভাৰতৰ চৰকাৰে তাহানিতে গঠন কৰিছিল সৰুক্ষেত্ৰী সমষ্টি ৷ কিন্তু সদ্য প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকাত নিৰ্বাচন আয়োগে অন্যায়ভাবে বিলুপ্তিকৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী ৰাইজে ।

ইতিহাস প্ৰসিদ্ধ সমষ্টিটোৰ গাঁও পঞ্চায়ত, মৌজা, উন্নয়ন খণ্ড আৰু ৰাজহ চক্ৰ আদি খণ্ড বিখণ্ড কৰি বৰক্ষেত্ৰী, চেঙা, বৰপেটা, ভৱানীপুৰ, ৰূপসী আৰু বজালী ছয়টাকৈ অন্য সমষ্টিত অন্তভুৰ্ক্ত কৰা প্ৰস্তাৱক সমষ্টিবাসীয়ে যুক্তি সংগতভাবে মানি ল'ব পৰা নাই ৷ সেয়ে সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিয়ে স্মাৰক পত্ৰৰ জৰিয়তে সৰুক্ষেত্ৰী সমষ্টি বিলুপ্তিকৰণ পুনৰ বিবেচনাৰ বাবে আহ্বান জনাই প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক:Auction sale: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰপেটাৰোড থানাৰ নিলাম প্ৰক্ৰিয়াত মটৰচাইকেল ক্ৰয় কৰিবলৈ উপস্থিত চাহ বিক্ৰেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.