নলবাৰী, 12 জুন : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছ দলে মুকালমুৱাৰ বৰতলা, সাপকাটা, জয়সাগৰৰ পেট্ৰ’ল পাম্পৰ সন্মুখত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদত বিধায়ক দিগন্ত বৰ্মনৰ লগতে বৰক্ষেত্ৰী ব্ল’ক কংগ্ৰেছৰ সদস্যসকলে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া