ETV Bharat / state

নতুন চৰকাৰে সমাধান কৰিবনে মূল্যবৃদ্ধিৰ সমস্যা ? - Rupsi Block Congress

ক’ভিড মহামাৰীয়ে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ এইবাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰন ৰাইজক ৷ জনীয়াত বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

Congress Protest for High Price
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত প্ৰতিবাদ
author img

By

Published : Jul 14, 2021, 3:26 PM IST

জনীয়া ,14 জুলাই: এফালে ক’ভিড মহামাৰী আনফালে আংশিক লকডাউন ৷ এই সমস্যাৰ মাজেৰেই বৰ্তমান জৰ্জৰিত হৈ আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকল ৷ ইয়াৰ ফলতে ক্ৰমাৎ জুৰুলা হৈ পৰিছে সমাজৰ খাটি খোৱা লোকসকল ৷ তেনে সময়তেই আকৌ ৰাজ্যত মূল্যবৃদ্ধিৰ দৰে নতুন সমস্য়াই দেখা দিছে ৷

জনীয়া সমষ্টিৰ ৰূপসী ব্লক কংগ্ৰেছৰ (Rupsi Block Congress) উদ্যোগত বুধবাৰে পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত বামুনটাৰী পেট্ৰ’ল পাম্পৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰে। সমগ্ৰ দেশৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (APCC) নিৰ্দেশ মৰ্মে ৰূপসী ব্লক কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰে।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, দেশজুৰি অব্যাহত থকা ক'ভিডসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰবাবে দেশৰ লগতে ৰাজ্যৰ সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ লকডাউনৰ বাবে জীৱিকাৰ সকলো পথ হেৰুৱাই সাধাৰণ জনতা দিশহাৰা হোৱাৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এক প্ৰকাৰে জুৰুলা কৰিছে সাধাৰণ জনতাক ৷ এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে লাখ লাখ দৰিদ্ৰ জনতাই ৷

পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ সময়ত শেহতীয়াকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ পেট্ৰ’লৰ শতক আৰু মিঠাতেলৰ দ্বি-শতকলৈ হোৱা মূল্যবৃদ্ধিৰ লগতে অন্যান্য সামগ্ৰীৰো মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ পেট্ৰ'লৰ দামে অভিলেখ সংখ্যক শতকৰ ঘৰ স্পৰ্শ কৰাত বিমোৰত পৰিছে সাধাৰণ ৰাইজ ৷ কেৱল মাত্ৰ উন্নয়নৰ শ্ল'গানতেই যেন সীমাবদ্ধ হৈ পৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ ৷

লগতে পঢ়ক:সংকটে লগ এৰা নাই বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.