ETV Bharat / state

কলগাছিয়াত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ - মূল্যবৃদ্ধি

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত কলগাছিয়াত কংগ্ৰেছৰ প্ৰতিবাদ । কলগাছিয়া পেট্ৰ'ল পাম্পৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মীসকলে ।

Congress protest against petrol price hike
পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত কলগাছিয়াত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jun 11, 2021, 5:48 PM IST

জনীয়া, ১১ জুন : পেট্ৰ'ল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰোধিতাৰে দেশজুৰি প্ৰতিবাদত নামিল কংগ্ৰেছ কৰ্মী । শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্ততো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলৰ সদস্যসকলে ।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানত জনীয়া সমষ্টিৰ ৰূপসী ব্লক কংগ্ৰেছ(Congress)ৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰে । কলগাছিয়া পেট্ৰ'ল পাম্পৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মীসকলে ।

পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰক, আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে ।

লগত পঢ়ক:ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.