ETV Bharat / state

এ আই ইউ ডি এফ বিজেপি দলৰ কথা মতে উঠা-বহা কৰা দল : আব্দুল খালেক

author img

By

Published : Oct 12, 2019, 6:41 PM IST

কলগাছিয়াত উপনিৰ্বাচন সন্দৰ্ভত সাংসদ আব্দুল খালেকৰ সংবাদমেল ৷ জনীয়াৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকৰ বিজয় নিশ্চিত বুলি আত্মবিশ্বাস ব্যক্ত কৰিলে সাংসদগৰাকীয়ে ।

এ আই ইউ ডি এফ বিজেপি দলৰ কথা মতে উঠা-বহা কৰা দল : আব্দুল খালেক

জনীয়া,12 অক্টোবৰ : "বিগত দিনবোৰত বদৰুদ্দিন আজমলে বিজেপিক সহায় কৰি আহিছে । তাৰে প্ৰতিদান হিচাপে বিজেপিয়ে তৌফিকুৰ ৰহমানক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।" শণিবাৰে কলগাছিয়াৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে । কলগাছিয়াত জনীয়া সমষ্টিৰ উপনিৰ্বাচন সন্দৰ্ভত আয়োজিত এই সংবাদমেলৰ জৰিয়তে সাংসদ গৰাকীয়ে উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকক মৰম দি জয়ী কৰিবলৈ আহ্বান জনায় । সংবাদমেলত কংগ্ৰেছ আৰু এই আই ইউ ডি এফৰ মিত্ৰতাৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ইউ ডি এফৰ লগত মিত্ৰতা হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই তাৰ বাস্তৱ উদাহৰণ হৈছে এই উপ-নিৰ্বাচন । একে সমষ্টিত দুয়োটা দলেই প্ৰাৰ্থী থিয় কৰোৱাৰ পিছত মিত্ৰতাৰ প্ৰশ্ন উঠাটো অযুক্তিকৰ ।

কলগাছিয়াত উপনিৰ্বাচন সন্দৰ্ভত বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সংবাদমেল

ইয়াৰ বিপৰীতে এআইডিএফক বিজেপিৰ নিৰ্দেশনা মতে চলা দল বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ কিয়নো ৰাটাবাৰী সমষ্টিত পূৰ্বৰ ভাল স্থিতি থকাৰ পিছতো এইআইডিএফে বিজেপিৰ কথা মতে প্ৰাৰ্থীত্ব নিদিলে ৷ ইয়াৰ প্ৰতিদান হিচাপে বিজেপিয়ে জনীয়া সমষ্টিত অন্য সমষ্টিৰ পৰা আনি দুৰ্বল প্ৰাৰ্থী যোৰহাটৰ তৌফিকুৰ ৰহমানক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ সমষ্টিটোৰ উপনিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হক বিপুল ভোটৰ ব্যৱধান জিকিব বুলি দাবী কৰাৰ লগতে ছামচুল হক জিকিলে জনীয়া সমষ্টিৰ প্ৰতি তেখেতে বিশেষ গুৰুত্ব দিব বুলিও উল্লেখ কৰে সাংসদ আব্দুল খালেকে ।

Intro:slug: as_jania_12oct_mp_abdul_khaleque_pressmeet_vid1+pho1_story_asc10058

Anchor: ইউ ডি এফ বিজেপি দলৰ কথাত উঠা-বহা কৰা দল। উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হক জিকাৰ বিশ্বাস প্ৰদান সাংসদ আব্দুল খালেকৰ।Body:slug: as_jania_12oct_mp_abdul_khaleque_pressmeet_vid1+pho1_story_asc10058

Vo: বিগত দিনবোৰত বদৰুদ্দিন আজমলে বিজেপিক সহায় কৰি আহিছে। তাৰে প্ৰতিদান হিচাপে বিজেপিয়ে তৌফিকুৰ ৰহমানক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।কলগাছিয়া সাংবাদিক সন্থাৰত সংবাদমেল যোগে এনেদৰে কয় সাংসদ গৰাকীয়ে। সাংসদ গৰাকীয়ে তেওঁৰ দৰেই কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকক মৰম কৰি জিকাই দিবলৈ আহ্বান জনায়।ইউ ডি প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ দক্ষতাৰ ওপৰত প্ৰশ্নত সাংসদ আব্দুল খালেকে কয় যে, ৰফিকুল ইছলাম অনুৰ্ত্তীৰ্ণ ব্যক্তি আৰু তেওঁৰ দক্ষতাৰে ৰাস্তা-ঘাট, স্কুল-কলেজতো বাদেই হাফিজ মানুহ হিচাপে এখন মাদ্ৰাছাও খুলিব নোৱাৰিলে। মিত্ৰতাৰ ওপৰত কৰা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয় যে, ইউ ডি এফৰ লগত মিত্ৰতা হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই তাৰ বাস্তৱ উদাহৰণ উপ-নিৰ্বাচন। মিত্ৰতা দুয়োটা দলৰে প্ৰাৰ্থী থকাৰ যুক্তি ক'ত বুলি কয়। কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হক বিপুল ভোটৰ ব্যৱধান জিকিব বুলি দাবী কৰাৰ লগতে ছামচুল হক জিকিলে জনীয়া সমষ্টিৰ প্ৰতি সাংসদ গৰাকীৰ বিশেষ নজৰ থাকিব বুলিও কয়।Conclusion:slug: as_jania_12oct_mp_abdul_khaleque_pressmeet_vid1+pho1_story_asc10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.