বৰপেটা, ১১ এপ্ৰিলঃ বৃহস্পতিবাৰে বৰপেটাৰ হাউলীত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন দলীয় সভা ৷ এই সভাতে এআইইউডিএফৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানৰ কেইবাটাও বিস্ফোৰক মন্তব্য ৷ প্ৰাক্তন বিধায়কগৰাকীৰ মতে এইবাৰ ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু ৰাজ্যত পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিব ৷ এইবাৰ ৰাজ্যখনত কংগ্ৰেছে ১১খন আসন লাভ কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ ৰহিম খানৰ মতে কলিয়াবৰ, যোৰহাট, নগাও, মঙলদৈ, তেজপুৰ গুৱাহাটী, শিলচৰ বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু কৰিমগঞ্জ আসন লাভ কৰিব কংগ্ৰেছে ৷ ইপিনে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক বৰপেটাত ৩ লাখ ভোটত জয়ী হ'ব বুলি কংগ্ৰেছ নেতাগৰাকী বিশ্বাসী ৷
লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ উত্থাপন কৰি বিধেয়ক বিৰোধী অখিল গগৈ, বিভিন্ন জাতীয় দল, সংগঠন বা প্ৰফুল্ল মহন্তৰ সৈতে অসমবাসী ৰাইজে একেলগ হৈ কংগ্ৰেছক ভোট দিব বুলি মন্তব্য কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানৰ ৷ উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ বাবে হাউলীত অনুষ্ঠিত এই দলীয় সভাখনত কংগ্ৰেছ নেতাগৰাকীৰ লগতে বৰপেটা সমষ্টিৰ কংগ্ৰেছ নেতা-কৰ্মীসকলে অংশ গ্ৰহণ কৰে ৷