ETV Bharat / state

বৰপেটাৰ দৌল মহোৎসৱ অংশগ্ৰহণ ৰিপুন বৰাৰ

author img

By

Published : Mar 8, 2020, 5:20 PM IST

দেওবাৰে বৰপেটাৰ দৌল মহোৎসৱত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ দৌল মহোৎসৱত উপস্থিত হৈ হোলীগীতত অংশ গ্ৰহণ কৰাৰ উপৰিও কৰ'ণা ভাইৰাছৰ পৰা সজাগ হৈ থাকিবলৈ ৰাইজক আহ্বান জনাই ৰিপুন বৰাই ৷

বৰপেটা
বৰপেটাৰ দৌল মহোৎসৱ অংশগ্ৰহণ ৰিপুন বৰাৰ

বৰপেটা, ৮ মাৰ্চঃ উখল মাখল সত্ৰনগৰী বৰপেটা ৷ দৌল মহোৎসৱ উপলক্ষে হোলীগীতৰ সুৰত বুৰ গৈছে বৰপেটা সত্ৰৰ কীৰ্তনঘৰ চৌহদ ৷ দৌল মহোৎসৱক লৈ উখল-মাখল পৰিবেশৰ মাজতে দেওবাৰে বৰপেটা সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ সত্ৰত সেৱা জনোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভাগ লয় হোলীগীতত ৷

বৰপেটাৰ দৌল মহোৎসৱ অংশগ্ৰহণ ৰিপুন বৰাৰ

বৰপেটা সত্ৰত সতীৰ্থ নেতাসকলৰ সৈতে হোলীগীতৰ ৰসত ডুব যায় সভাপতিগৰাকী ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমবাসীলৈ দৌলৰ শুভেচ্ছা জনাই বৰপেটা সত্ৰত এনেদৰে উপস্থিত হ'বলৈ পাই ধন্য হোৱা বুলি প্ৰকাশ কৰে ৷ আনহাতে, বিশ্বব্যাপী আতংক বিয়পোৱা কৰ'ণা ভাইৰাছৰ পৰা সজাগ হোৱাৰ উদ্দেশ্যে ৰাইজক জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ৷

আৰু পঢ়কঃ জীৱন যুঁজত হাৰ নমনা এগৰাকী ব্যতিক্ৰমী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.