জনীয়া, 28 ছেপ্টেম্বৰঃ জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি,এ আই ইউ ডি এফ দলে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা ৷ কিন্তু কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনে সংবাদমেল যোগে ৰাজহুৱা ভাৱে ঘোষণা কৰে দল ত্যাগ কৰাৰ কথা ৷ ১৯৭২ চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত আছিল এম মুজাম্মেল হুছেইন ৷ লগতে জনীয়া উপ-নিৰ্বাচনৰো এজন চৰ্চিত টিকট প্ৰত্যাশী আছিল তেওঁ ৷
টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই ৰাজহুৱা ভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে যদিও তেখেতৰ দলৰ প্ৰতি কোনোধৰণৰ ক্ষোভ নাই বুলি জনায় ৷ ৰাজনীতিৰ পৰা অব্যাহতি ল’লেও সামাজিক তথা উন্নয়নমূলক কাম-কাজৰ লগত জড়িত থাকিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ এই ক্ষেত্ৰত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাতো সন্দেহ প্ৰকাশ কৰিছে প্ৰবীণ কংগ্ৰেছী গৰাকীয়ে ৷