ETV Bharat / state

বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ চাইকেল ৰেলী

author img

By

Published : Jan 22, 2021, 4:35 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল বৰপেটাৰ ৰাজপথ ।

বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ চাইকেল ৰেলী
বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ চাইকেল ৰেলী

বৰপেটা, ২২ জানুৱাৰী: শুক্ৰবাৰে ৰাজ্যজুৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পেট্ৰ'ল-ডিজেলৰ বৰ্দ্ধিত মূল্য ৰোধ কৰাৰ দাবীত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । বৰপেটাতো প্ৰতিবাদত নামিল কংগ্ৰেছৰ নেতা-কৰ্মী । বৰপেটা গ্ৰাম্য আৰু নগৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত চাইকেল ৰেলী উলিওৱা হয় । বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানৰ নেতৃত্বত উলিওৱা এই ৰেলীত কংগ্ৰেছৰ শতাধিক কৰ্মকৰ্তাই অংশ লয় ।

কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে কৃষি আইন বাতিলৰো দাবী জনায় । বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, কৃষি আইন বাতিল কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে বৰপেটা চহৰৰ ৰাজপথ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক:পুখুৰীলৈ কোনে দলিয়ালে কণমানি আহমেদ খানক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.