ETV Bharat / state

সীমান্ত বিবাদকলৈ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী জাকিৰ হুছেইন শিকদাৰৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

অসম-মিজোৰামৰ ভূমিলৈ আহি সীমা সমস্যা সমাধান কৰিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি আহ্বান বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ ঘটনাৰ দুদিন পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰৰ কোনো প্ৰতিনিধি অসমলৈ নহাক লৈ ক্ষোভ প্ৰকাশ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক গৰাকীৰ ৷

sikdar on border dispute
সীমান্ত বিবাদকলৈ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী জাকিৰ হুছেইন শিকদাৰৰ
author img

By

Published : Jul 29, 2021, 10:31 AM IST

বৰপেটা, ২৯ জুলাই : অসম-মিজোৰাম সীমান্তত প্ৰাণ আহুতি দিয়া শ্বহীদ জোৱান নাজমূল হকৰ মৃতদেহ বাসগৃহ আহি পোৱাৰ পিছতে বেদনাদায়ক হৈ পৰে সমগ্ৰ পৰিৱেশ । শোকাকুল পৰিৱেশে বিৰাজ কৰে বৰপেটা জিলাৰ কদমগুৰি অঞ্চলত । ৰাজ্যিক মৰ্যাদাৰে শ্বহীদ নাজমূলৰ জানাজা সম্পন্ন হোৱাৰ পূৰ্বে বিভিন্ন জনে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদগৰাকীক ।

শ্বহীদগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ (Jakir Hussain Sikdar) । প্ৰদেশ কংগ্ৰেছৰ (Pradesh Congress) সভাপতি ভূপেন বৰাৰ নিৰ্দেশক্ৰমে কেইবাগৰাকীও বিধায়ক আৰু কংগ্ৰেছ নেতাসহ বৰপেটাৰ কদমগুৰি গাঁৱত উপস্থিত হৈ শ্বহীদ জোৱানজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বিধায়কজনে ৷ ইপিনে ৰাজ্য চৰকাৰৰ ভুলৰ বাবেই এনেদৰে ছয় গৰাকীকৈ বীৰ জোৱানে প্ৰাণ দিব লগা হ'ল বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে সৰুক্ষেত্ৰী সমষ্টিৰ (Sarukhetri Constituency) বিধায়কগৰাকীয়ে ।

sikdar
সীমান্ত বিবাদকলৈ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী জাকিৰ হুছেইন শিকদাৰৰ

যিসময়ত অসম আৰু মিজোৰামৰ মুখ্য সচিব দুগৰাকীৰ সৈতে দিল্লীত হোৱা গৃহ বিভাগৰ (Home department) বৈঠক বিফল হৈছে, আনকি দেশৰ গৃহমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাও বিফল হৈছে, তেনে অৱস্থাত সীমান্তৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যোৱাৰ সময়ত ৰাজ্যৰ গৃহ বিভাগৰ হাতত যি ধৰণৰ ইনপুট থাকিব লাগিছিল সেইক্ষেত্ৰত চৰকাৰ বিফল হোৱা বুলি সমালোচনা কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।

চৰকাৰৰ ভুল নীতিৰ বাবেই এনেদৰে অসমৰ ছয় জোৱানে প্ৰাণ আহুতি দিবলগা হ'ল বুলি ক্ষোভ উজাৰে বিধায়কগৰাকীয়ে ৷ আনহাতে ঘটনাৰ দুদিন পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰৰ কোনো প্ৰতিনিধি অসমলৈ নহাক লৈ ক্ষোভ প্ৰকাশ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ অসমৰ মাটিত যাতে এনেদৰে পুনৰ কোনোৱেও প্ৰাণ দিব লগা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime minister Narendra Modi) হস্তক্ষেপ দাবী কৰে ৷ যিহেতু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) ব্যৰ্থ হৈছে, সেয়ে অসম-মিজোৰামৰ ভূমিলৈ আহি সীমা সমস্যা সমাধান কৰিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক :নিয়ন্ত্ৰণত আছে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰিস্থিতি : SP সুধাকৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.