ETV Bharat / state

Municipal Election 2022: বৰপেটাত হোলীগীত-নাম প্ৰসংগৰে নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Feb 26, 2022, 4:16 PM IST

6 মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন ৷ তাকে লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ ৷ বৰপেটা পৌৰসভাৰ 22 টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন (Barpeta Municipality Election 2022) ত বিভিন্ন দলৰ প্ৰাৰ্থীসকলে ইতিমধ্যে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি, সভা-সমিতি অনুষ্ঠিত কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ (Colorful campaigning during Barpeta Municipality Election 2022) ৷

colourfull campaigning during Barpeta municipality election 2022
বৰপেটাত নিৰ্বাচনী প্ৰচাৰ

বৰপেটা, 26 ফেব্ৰুৱাৰী : ৰাজ্যৰ ৰাজনীতিত পুনৰ অনুষ্ঠিত হোৱাৰ দিশে এখন ভোটযুদ্ধ ৷ কিয়নো 6 মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন ৷ তাকে লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ মন আকৃষ্ট কৰাত গুৰুত্ব আৰোপ কৰিছে (Colourful campaigning during Barpeta Municipality Election 2022) ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যসমূহ হৈ পৰিছে সুলভ ৷

বৰপেটাতো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ বৰপেটা পৌৰসভাৰ 22 টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন (Barpeta Municipality Election 2022) ত বিভিন্ন দলৰ প্ৰাৰ্থীসকলে ইতিমধ্যে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি, সভা-সমিতি অনুষ্ঠিত কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰৰ মন জয় কৰিবলৈ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে প্ৰাৰ্থীসকল ৷

বৰপেটাত নিৰ্বাচনী প্ৰচাৰ

শেহতীয়াকৈ বৰপেটা পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী কৃষ্ণা কলিতা নাথে নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈছে ভোটাৰ ৰাইজৰ মাজত ৷ প্ৰাৰ্থীগৰাকীয়ে হাতত তামোল-পাণ লৈ জ্যেষ্ঠজনৰ আশীষ লোৱা পৰিলক্ষিত হৈছে ৷ প্ৰাৰ্থীগৰাকীৰ সমৰ্থকসকলে নাম-প্ৰসংগৰে নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে ৷

ইয়াৰ বিপৰীতে জিলাখনৰ 3 নং ৱাৰ্ডৰ অগপৰ নিৰ্বাচনী প্ৰাৰ্থী খনীন্দ্ৰ দাসে হোলীগীত গাই মুখৰিত কৰি তুলিছে আকাশ-বতাহ ৷ প্ৰাৰ্থীগৰাকীয়ে 16 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বৰপেটাৰ পবিত্ৰ হোলীৰ প্ৰসংগ উত্থাপন কৰি কয় যে, এইবেলি তেওঁ আগতীয়া হোলীৰ আৰম্ভ কৰিছে ৷ অগপ প্ৰাৰ্থী দাসে লগতে কয় যে, নিৰ্বাচনত কোন হাৰে, কোন জিকে, সেয়া পিছৰ কথা ৷ কিন্তু বৰপেটাত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে হোলী গীত, নাম-প্ৰসংগৰে চলাই থকা প্ৰচাৰে চহৰবাসীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক: মাৰ্চত অসমলৈ স্থানান্তৰ হ’ব অইলৰ মুখ্য কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.