ETV Bharat / state

শিলাগাঁৱত বিষক্ৰিয়াত মৃত্যু হোৱা পক্ষীৰ নমুনা সংগ্ৰহ - প্ৰকৃতিপ্ৰেমী

সোমবাৰে বৰপেটাৰ শিলাগাঁৱত বিষাক্ত দ্ৰব্য সেৱন কৰি মৃত্যু ঘটিছিল প্ৰায় তিনিশ পক্ষী (Birds Death)ৰ ৷ সোমবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় বৰপেটা পশু চিকিৎসা বিভাগৰ এটা দল ৷ দলটোৱে সংগ্ৰহ কৰে মৃত পক্ষীৰ নমুনা ৷

Collection of samples of birds that have died of poisoning
বিষক্ৰীয়াত মৃত্যু হোৱা পক্ষীৰ নমুনা সংগ্ৰহ
author img

By

Published : Jul 20, 2021, 5:24 PM IST

বৰপেটা, 20 জুলাই : বৰপেটাৰ শিলাগাঁৱৰ কৃষি ভূমিত সোমবাৰে বিষক্ৰিয়া ঘটি প্ৰায় তিনি শতাধিক পক্ষীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত ৷ এই সমগ্ৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে বৰপেটা জিলা প্ৰশাসনে ৷ বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে ঘটনাটোক গুৰুত্ব সহকাৰে লৈ বৰপেটা পশু চিকিৎসা বিভাগক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

তদন্তৰ খাতিৰত বৰপেটা পশু চিকিৎসা বিভাগৰ এটা দল সোমবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় ৷ মৃত পক্ষীৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীৰ ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰে ৷ এই সমগ্ৰ ঘটনা সংক্ৰান্তত বৰপেটা পশু চিকিৎসা বিভাগক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা উপায়ুক্তগৰাকীয়ে ৷

বিষক্ৰীয়াত মৃত্যু হোৱা পক্ষীৰ নমুনা সংগ্ৰহ

শিলাগাঁৱৰ সৰ্বত্ৰে চৰাইবোৰৰ মৃত্যু হৈ পৰি থকা দৃশ্যই প্ৰকৃতিপ্ৰেমীৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জানিব পৰা মতে, গাঁৱখনৰ হৰকুমাৰ শৰ্মা নামৰ লোকজনে তেওঁৰ আঢ়ৈ বিঘা মাটি 2নং শিলা গাঁৱৰ পজিৰ আলী ওৰফে পাশান ডাক্তৰৰ ওচৰত বন্ধকত থৈছিল ৷ পজিৰ আলীয়ে পকদ গাঁৱৰ আচমত আলী আৰু নবাব আলী নামৰ লোক দুজনক কঠিয়া সিঁচিবলৈ লীজত দিছিল ৷

দুদিন পূৰ্বে এই মাটিখিনিতে শালিধানৰ কঠিয়া সিঁচিছিল দুই খেতিয়কে ৷ কঠিয়া সিঁচাৰ সময়ত চৰাইয়ে শস্য খাই অনিষ্ট কৰিব নোৱাৰাকৈ কঠিয়াত বিষাক্ত দ্ৰব্য মিহলাই দিয়া হৈছিল ৷ যাৰ ফলস্বৰূপে বিষাক্ত শস্য খাই ঘনচিৰিকা, কপৌ, শালিকা, পোহনীয়া হাঁহ-পাৰকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষী মৃত্যুমুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷ অৱশ্যে কঠিয়া সিঁচা খেতিয়ক এজনে খেতিত বিষ দিয়াৰ কথাতো অস্বীকাৰ কৰে ৷

লগতে পঢ়ক: খেতিপথাৰত বিষাক্ত দ্ৰব্য় সেৱন কৰি শতাধিক পক্ষীৰ মৃত্য়ু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.