ETV Bharat / state

বৰপেটাত পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে শীতল ভঁৰাল - হাউলীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ অভিযোগ-ৰাজ্য়ত অভাৱ শীতল ভঁৰালৰ ৷ সেয়ে লক্​ ডাউনৰ সময়ত বজাৰ তথা সংৰক্ষণৰ অভাৱত কৃষকৰ উৎপাদিত ফচল নষ্ট হৈছে কৃষিপথাৰত ৷ কিন্তু বৰপেটাৰ হাউলীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এটা শীতল ভঁৰাল কৃষিমন্ত্ৰীৰ অজ্ঞাতে দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত পৰি আছে ৷

cold storage become demolished
পৰিত্যক্ত শীতল ভঁৰাল
author img

By

Published : May 1, 2020, 2:52 PM IST

বৰপেটা, ১ মে’ঃ বৰপেটা জিলাৰ অধিকাংশ কৃষকে মুৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পাচলি লক্​ ডাউনৰ ফলত পথাৰতে নষ্ট হৈছে ৷ শীতল ভঁৰালৰ অভাৱত পাচলি পথাৰতে নষ্ট হোৱাৰ বাবে কৃষকসকল কি দৰে ক্ষতিগ্ৰস্ত হৈছে সেই সন্দৰ্ভত ইটিভি ভাৰতত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছে ৷ তথাপিও ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ কোনো তৎপৰতা এইপৰ্যন্ত বিয়াগোম কৃষি বিভাগটোৰ মাজত পৰিলক্ষিত হোৱা নাই ৷

বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰাজ্যৰ কৃষি বিভাগৰ এটা শীতল ভঁৰাল দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত আছে ৷ জিলাখনৰ সৰভোগ, বৰপেটাৰোড, হাউলী আদি অঞ্চলৰ কৃষকসকলৰ সুবিধাৰ বাবে ১৯৮৭ চনত শাসনাধীন অগপ চৰকাৰে হাউলীত স্থাপন কৰিছিল এটা শীতল ভঁৰাল ৷ পৰৱৰ্তী সময়ত কাৰিকৰী বিজুতি আৰু কৃষি বিভাগৰ সু-পৰিচালনাৰ অভাৱত শীতল ভঁৰালটো জহি-খহি পৰিত্যক্ত অৱস্থালৈ পৰ্যবসিত হয় ৷ তদুপৰি ভঁৰালটোৰ প্ৰায় সকলো মূল্যবান যন্ত্ৰ-পাতি চুৰি কৰি নিয়ে চোৰে ৷ ভঁৰালৰ ভৱনটো বৰ্তমান মানসিকভাৱে অসুস্থ এগৰাকী মহিলাৰ আশ্ৰয়স্থলী হৈ পৰিছে ৷ ভঁৰালটোৰ লগতে কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা আৱাসকেইটাও বৰ্তমান উৱলি গৈছে ৷

পৰিত্যক্ত শীতল ভঁৰাল

কিন্তু ইয়াৰ পিছতো কৃষি বিভাগে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাত স্থানীয় লোক ক্ষোভিত হৈ পৰাৰ লগতে উক্ত স্থানত নতুনকৈ শীতল ভঁৰাল এটা স্থাপনৰ বাবে মন্ত্ৰী অতুল বৰাক দাবী জনাইছে ৷ বিশেষকৈ হাউলীৰ বৰপেটাৰোডৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ উপৰিও ম্যানমাৰ, পাকিস্তানলৈকে পাচলি সৰবৰাহ হয় ৷ সেয়ে উক্ত অঞ্চলত এটা শীতল ভঁৰাল স্থাপন কৰিলে জিলাখনৰ কৃষকসকলৰ যথেষ্ঠখিনি সকাহ হ’ব ৷ কিন্তু ইয়াকে নকৰি ইখন জিলাৰ পৰা সিখন জিলা পৰিভ্ৰমণতে কৃষিমন্ত্ৰী গৰাকীয়ে দায়িত্ব সামৰিব খুজিছে বুলি অনুভৱ কৰিছে স্থানীয় ৰাইজে ৷

লগতে চাওকঃ আন্তঃৰাজ্যিক যাতায়াতৰ বাবে ছজনীয়া কমিটি গঠন অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.