ETV Bharat / state

কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

author img

By

Published : Aug 26, 2021, 1:54 PM IST

Updated : Aug 26, 2021, 2:29 PM IST

দুৰ্নীতিৰ অভিযোগেৰে গ্ৰেপ্তাৰ হোৱা প্ৰশাসনিক বিষয়া চাইবৰ ৰহমানক(Saibar Rahman) লগত লৈ বৃহস্পতিবাৰে কয়াকুছিত উপস্থিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল(CM Vigilance Cell Team) ৷ ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত তথা বৰ্তমানৰ শাখা উন্নয়নৰ উপ সচিব চাইবৰ ৰহমানৰ নিজ বাসগৃহৰ লগতে আন কেতবোৰ স্থানত অনুসন্ধান চলোৱাৰ সম্ভাৱনা আছে দলটোৰ ৷

cm-vigilance-cell-team-at-kayakuchi
কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

বৰপেটা, 26 আগষ্ট : বৰপেটাৰ কয়াকুছিত বৃহস্পতিবাৰে উপস্থিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল(CM Vigilance Cell Team) ৷ ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত তথা বৰ্তমানৰ শাখা উন্নয়নৰ উপ সচিব চাইবৰ ৰহমানক(Saibar Rahman) লগত লৈ কয়াকুছিত উপস্থিত হৈছে তদন্তকাৰী দলটো ৷ আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ গোচৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই মঙলবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল বিষয়াগৰাকীক ৷

আয়তকৈ 95 শতাংশৰো অধিক সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হয় অসম প্ৰশাসনিক বিষয়া চাইবৰ ৰহমান ৷ অভিযুক্ত বিষয়া চাইবৰ ৰহমানক লগত তেওঁৰ নিজ বাসগৃহৰ লগতে আন কেতবোৰ স্থানতো দলটোৱে অনুসন্ধান চলোৱাৰ সম্ভাৱনা আছে ৷ কয়াকুছিত আছে চাইবৰ ৰহমানৰ প্ৰাসাদোপম অট্টালিকা ৷

লগতে পঢ়ক: ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান

কয়াকুছিৰ লগতে বৰপেটাৰ বিভিন্ন স্থানতো আছে স্থাৱৰ-অস্থাৱৰ সম্পত্তি ৷ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে বিষয়াগৰাকীয়ে গঢ়ি তুলিছিল অগাধ সা-সম্পত্তি ৷ 2002 চনৰ পৰা 2021 চনৰ ভিতৰত তেওঁ নিজৰ নামত অথবা দুগৰাকী পত্নীৰ নামত গুৱাহাটীকে ধৰি ভিন্ন স্থানত মুঠ 89 টা স্থানত ক্ৰয় কৰিছিল ভূ-সম্পত্তি ৷

বিষয়াগৰাকীয়ে ক্ৰয় কৰা উক্ত ভূমিৰ মূল্যই হ’ব 100 কোটিৰো অধিক ৷ এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই ৷ বৰপেটা, গুৱাহাটীৰ লগতে বিভিন্ন স্থানত বিশাল সম্পত্তি গঢ়ি তুলিছিল বিষয়াগৰাকীয়ে ৷ চাইবৰ ৰহমান সৰুক্ষেত্ৰী সমষ্টিৰ বিগত বিধানসভা নিৰ্বাচনৰ AIUDFৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ স্বামী ৷ বিগত নিৰ্বাচনত পত্নীৰ নিৰ্বাচনী প্ৰচাৰৰ নামতো বিষয়াগৰাকীয়ে ব্যয় কৰিছিল বৃহৎ পৰিমানৰ ধন ৷

লগতে পঢ়ক: অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ

Last Updated : Aug 26, 2021, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.