ETV Bharat / state

বৰপেটাৰোডৰ খৈৰাবাৰী পূজা মণ্ডপত মা দুৰ্গাৰ আশিস বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

author img

By

Published : Oct 7, 2019, 11:21 PM IST

মহানৱমীৰ দিনা বৰপেটাৰোডৰ খৈৰাবাৰীৰ পূজামণ্ডপত উপস্থিত হৈ সকলোকে শাৰদীয় দুৰ্গাপূজাৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এইখন চৰকাৰে ৰাইজৰ স্বাৰ্থত কাম কৰি আছে বুলি উল্লেখ কৰি কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷

বৰপেটাৰোডৰ খৈৰাবাৰী পূজা মণ্ডপত মা দুৰ্গাৰ আশীষ বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

বৰপেটাৰোড,7 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজত মহানৱমীৰ দিনা বৰপেটাৰোডৰ খৈৰাবাৰীৰ পূজামণ্ডপত উপস্থিত হৈ সকলোকে শাৰদীয় দুৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলোৰে মাজত সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি ৰখাৰ কামনাৰে দুৰ্গা মাৰ আশিস বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এইবাৰ সমগ্ৰ অসমৰ জনতাই আন্তৰিকতাৰে দুৰ্গাপূজাৰ সফল ৰূপ দিয়া কথা উল্লেখ কৰি তেওঁ কয় যে, এয়া অসমৰ সমাজ জীৱনৰ উল্লেখযোগ্য দিশ ৷ সমাজৰ যি সভ্যতা সংস্কৃতি আধ্যাত্মিক চেতনা শক্তি আৰু যি ইতিহাস আছে সেইটো শক্তিশালী ভাৱে জীয়াই ৰাখি মা দুৰ্গাৰ আশীৰ্বাদেৰে অসম ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে ৷

বৰপেটাৰোডৰ খৈৰাবাৰী পূজা মণ্ডপত মা দুৰ্গাৰ আশীষ বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

সততা আৰু নিষ্ঠাৰে কাম কৰা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ আমন্ত্ৰণ মৰ্মে 50 বছৰ পূৰ্ণ কৰা খৈৰাবাৰীৰ এই পূজামণ্ডপত উপস্থিত থাকিব পৰি নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পূজামণ্ডপত উপস্থিত হৈ সকলোৰে আশীৰ্বাদলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ৰাজ্যখনৰ বুকুত অতি সুন্দৰ দুটা উপত্যকা আছে তাৰে এটা বৰাক আনটো ব্ৰহ্মপুত্ৰ ৷ এই উপত্যকা দুটাত পাহাৰীয়া জিলাকে ধৰি ৩৩ খন জিলা আছে আৰু বিভিন্ন ভাষাভাষীৰ লোক বসবাস কৰা এইখন বৃহত্তৰ অসমীয়া সমাজ ৷ আমি সকলোৱে মিলা-প্ৰীতিৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ আদৰ্শৰে সমন্বয়ৰ দ্বাৰা সমাজখন শক্তিশালী ভাৱে জীয়াই ৰাখিব লাগিব"৷ ৰাজ্যখনৰ অসূয়া-অশান্তি দূৰ কৰাৰ লগতে ৰাজ্যখনত বসবাস কৰা সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থকাৰ লগতে সকলোৰে মঙ্গল কামনা কৰি দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে তেওঁ বাক্সা জিলাৰ মৈৰাঝাৰত যুৱ সমাজৰ উদ্যোগত আয়োজিত চন্দ্ৰযান ২ ৰ আৰ্হিত নিৰ্মাণ কৰা পূজামণ্ডপতো উপস্থিত হৈ মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে ৷ ইয়াৰোপৰি বৰপেটাৰোডৰ কালিবাড়ী-দুৰ্গাবাড়ী বাবুপাৰাৰ পূজামণ্ডপকে ধৰি কেইবাখনো পূজামণ্ডপত উপস্থিত হৈ দেৱী মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰে ৷

মুখ্যমন্ত্ৰীৰ সৈতে দুৰ্গাপূজা মণ্ডপত উপস্থিত থাকে সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইনী উপদেষ্টা শান্তনু ভৰালী ৷

আৰু পঢ়ক

Intro:বৰপেটাৰোড ৭ অক্টোবৰ : নৱমীৰ দিনা বৰপেটাৰোডৰ খৈৰাবাৰীৰ পূজামণ্ডপত উপস্থিত হৈ সকলোকে শাৰদীয় দূৰ্গাপূজাৰ শুভেচ্ছা জনাই বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলো অঞ্চলৰ ৰাইজে মিলাপ্ৰীতিৰে বিজেপি নেতৃত্বাধীন চৰকাৰ আনিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এইখন চৰকাৰে আপোনলোকৰ স্বাৰ্থত কাম কৰি আছে ৷ অনাগত দিনতো কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে নিশ্চিতি দি কাকো চিন্তা নকৰিবলৈ উল্লেখ কৰি কয় আপোনালোকৰ নিৰাপত্তা মানসন্মান মৰ্যাদা ৰক্ষা কৰাৰ দায়িত্ব বিজেপি চৰকাৰৰ ৷ Body: অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ মঙ্গলৰ বাবে প্ৰাৰ্থনা জনাই মঙ্গলময় হোৱাৰ বাবে দূৰ্গা দেৱী মাৰ আশিষ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ এইবাৰ লক্ষ লক্ষ জনতাই আন্তৰিকতাৰে দূৰ্গাপূজাৰ সফল ৰূপ দিয়াা কথা উল্লেখ কৰি কয় এয়া অসমৰ সমাজ জীৱনৰ উল্লেখযোগ্য দিশ ৷ সমাজৰ যি সভ্যতা সংস্কৃতি আধ্যাত্মিক চেতনা শক্তি আৰু যি ইতিহাস আছে সেইটো শক্তিশালী ভাৱে জীয়াই ৰাখি মা দূৰ্গাৰ আশীৰ্বাদেৰে অসম ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷
সততা আৰু নিষ্ঠাৰে কাম কৰা সৰভোগৰ বিধায়ক ৰণজি কুমাৰ দাসৰ আমন্ত্ৰণ মৰ্মে পঞ্চাছ বছৰ পূৰ্ণ কৰা খৈৰাবাৰীৰ এই পূজামণ্ডপলৈ আহিছে বুলি মুখ্যমন্ত্ৰীয়ে
উল্লেখ কৰে ৷ পূজামণ্ডপত উপস্থিত হৈ সকলোৰে আশীৰ্বাদলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় ৰাজ্যখনৰ বুকুত অতি সুন্দৰ দুটা উপত্যকা আছে তাৰে এটা বৰাক আনটো ব্ৰহ্মপুত্ৰ ৷ এই উপত্যকা দুটাত পাহাৰীয়া জিলাকে ধৰি ৩৩ খন জিলা আছে আৰু বিভিন্ন ভাষাভাষীৰ লোক বসবাস কৰা এইখন বৃহত্তৰ অসমীয়া সমাজ ৷ সকলোৱে মিলি সুধাকণ্ঠ ড’ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ আদৰ্শৰে সমন্বয়ৰ দ্বাৰা সমাজখন শক্তিশালী ভাৱে জীয়াই ৰাখিব লাগিব বুলি দোহাৰে ৷
লগতে ৰাজ্যখনৰ অশান্তি দুৰ কৰাৰ লগতে ৰাজ্যখনত বসবাস কৰা সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থকাৰ লগতে সকলোৰে মঙ্গল কামনা কৰি দূৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় বৰপেটাৰোড অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে বিগত ২০১৪ চনত ৰণজিৎ দাসে মুখ্যমন্ত্ৰীক বৰপেটাৰোডত ৰেলৱে ওভাৰ ব্ৰীজ প্ৰয়োজনীয়তা থকাৰ কথা উল্লেখ কৰিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাৰ মন্ত্ৰালয়ৰ সহযোগত ৰণজিৎ দাসৰ একান্ত প্ৰচেষ্টাত বৰপেটাৰোডৰ ৰেলৱে ওভাৰ ব্ৰীজৰ কাম আৰম্ভ হৈছে ৷ ৰাইজক এই সুবিধা কৰি দিয়াৰ বাবে ৰণজিৎ দাসক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাক্সা জিলাৰ মৈৰাঝাৰত যুৱ সমাজৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক দূৰ্গা পূজাত উপস্থিত হৈ চন্দ্ৰযান ২ ৰ আৰ্হিত নিৰ্মাণ কৰা পূজামণ্ডপতো উপস্থিত হৈ মা দূৰ্গা দেৱীৰ আশিষ লয় ৷ ইয়াৰোপৰি বৰপেটাৰোডৰ কালিবাৰী-দূৰ্গাবাড়ী বাবুপাৰাৰ পূজামণ্ডপকে ধৰি কেবাখনো পূজামণ্ডপত উপস্থিত হৈ দেৱী মা দূৰ্গাৰ আশিষ লয় ৷
মুখ্যমন্ত্ৰীৰ সৈতে দূৰ্গাপূজা মণ্ডপত উপস্থিত থাকে সৰভােগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইনী উপদেষ্টা শান্তনু ভৰালী ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.