বৰপেটা ১৭ নৱেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ নৱনিৰ্মিত ভৱনটো উন্মোচন কৰে ৷ ৰাজ্য চৰকাৰে প্ৰায় ২ কোটি ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো উদ্ধোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷
![cm-inauguration-new-sdc-office-building](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-09to12-17nov-cm-inauguration-new-sdc-office-building-visphoto-as10038_17112020165017_1711f_1605612017_1016.jpg)
ভৱনটোৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা বক্তব্যত মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰৰ দিনত চৰকাৰী কাৰ্যালয়সমুহ জহি খহি গৈ কাম কৰাৰ পৰিৱেশ নোহোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰে ৷ বৰ্তমানৰ চৰকাৰে কামৰ দক্ষতা বৃদ্ধিৰ বাবে কাম কৰাৰ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
![cm-inauguration-new-sdc-office-building](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-09to12-17nov-cm-inauguration-new-sdc-office-building-visphoto-as10038_17112020165017_1711f_1605612017_731.jpg)