ETV Bharat / state

Book Fair in Barpeta: গ্ৰন্থ উপহাৰ দিয়াৰ পৰম্পৰা গঢ়াৰ আহ্বান

সামৰণি পৰিল বৰপেটা গ্ৰন্থ মহোৎসৱৰ (4th Barpeta Book Fair)৷ সামৰণি অনুষ্ঠানত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ বৰপেটা ফেচবুক ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত হয় এই গ্ৰন্থ মহোৎসৱৰ ।

author img

By

Published : Jan 23, 2023, 3:03 PM IST

Closing ceremony of Barpeta Book Fair
বৰপেটা ফেচবুক ফ'ৰাম
বৰপেটা ফেচবুক ফ'ৰাম

বৰপেটা, ২৩ জানুৱাৰী: বৰপেটা ফেচবুক ফ'ৰামৰ উদ্যোগত যোৱা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চতুৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ ২০২৩ৰ দেওবাৰে সামৰণি পৰে (4th Barpeta Book Fair 2023)। পাঁচদিনীয়াকৈ সত্ৰনগৰী বৰপেটাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয় (Barpeta Facebook Forum)। কালিৰ সামৰণি অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।

এটা স্থানীয় ফেচবুক গোটৰ উদ্য়োগত আয়োজন কৰা গ্ৰন্থ উৎসৱৰ সামৰণি অনুষ্ঠানত পৌৰোহিত্য় কৰে ড৹ বিৰিঞ্চি কুমাৰ দাসে (Closing ceremony of Barpeta Book Fair)। গ্ৰন্থ উৎসৱৰ সামৰণি সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপৰিও বিশিষ্ট সাংবাদিক-লেখক মৃণাল তালুকদাৰ আৰু ওড়িশাৰ সম্বলপুৰৰ সাংবাদিক, লেখক দীপক পাণ্ডাই অংশগ্ৰহণ কৰে (Minister Ranjit Kumar Das) ৷

এই সভাখনত অংশ লৈ সাংবাদিক, লেখক মৃণাল তালুকদাৰে গ্ৰন্থৰ ভৱিষ্যত আৰু অসমীয়া গ্ৰন্থ তথা আলোচনী সমূহৰ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সন্দৰ্ভত ব্য়াখ্য়া কৰে ৷ তেওঁ ইতিমধ্যে অৰুণোদয়ৰ পৰা আৰাম্ভ কৰি জোনাকী, বাঁহী, আৱাহনকে ধৰি সেই সময়ৰ আলোচনীসমূহ ডিজিটেলাইজড কৰি সংৰক্ষণ কৰা বুলিও উল্লেখ কৰে ৷ মৃণাল তালুকদাৰে বিবাহ বা আন উৎসৱতো মানুহক গ্ৰন্থ উপহাৰ দিয়াৰ পৰম্পৰা গঢ়ি তোলাৰ বাবে ৰাইজক আহ্বান জনায় ৷

এই সভাখনত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ফেচবুক ফ'ৰামৰ দৰে এটা গোটে গ্ৰন্থমেলা অনুষ্ঠিত কৰা কাৰ্যৰ শলাগ লয় ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত কিতাপ পঢ়াৰ আন্দোলন আৰাম্ভ কৰাৰ বাবেও আহ্বান জনায় ৷ সভাখনত অংশ লৈ ওড়িশাৰ সম্বলপুৰৰ সাংবাদিক,লেখক দীপক পাণ্ডাই অসম আৰু ওড়িশাৰ মাজত থকা সাংস্কৃতিক যোগসূত্ৰ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে (Lakshminath Bezbaruah) ৷ বিশেষকৈ সম্বলপুৰত থকা বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ বাবে লোৱা উদ্যোগৰ কথা তেওঁ প্ৰকাশ কৰে ৷

সাম্প্ৰতিক সময়ত গ্ৰন্থমেলাৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰাত ইয়াৰ পৰিসৰো বাঢ়িবলৈ ধৰিছে । গ্ৰন্থমেলাক লেখক,পাঠক আৰু প্ৰকাশকৰ মিলনভূমি বুলি আখ্য়া দিয়া হয় বাবে এতিয়া ইয়াৰ সংজ্ঞাও সলনি হোৱাৰ দিশে অগ্ৰসৰ হৈছে । সেয়েহে গ্ৰন্থমেলাৰ জৰিয়তে গ্ৰন্থ চেতনা সৃষ্টি কৰে বাবে ফেচবুক ফ'ৰাম আদিয়েও আগভাগ ল'বলৈ আগুৱাই আহিছে ।

লগতে পঢ়ক:National Theater Festival : অসম নাগালেণ্ড সীমান্তত সম্বন্বয়ৰ বাৰ্তা লৈ আৰম্ভ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.