ETV Bharat / state

Tense Situation in Barpeta: বৰপেটাত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

author img

By

Published : May 4, 2022, 7:00 PM IST

বৰপেটাত দুই মুছলমান ফৈদৰ মাজত তুমুল সংঘৰ্ষ ৷ সংঘৰ্ষত আহত প্ৰায় 15 জনকৈ লোক ৷ খিলঞ্জীয়া মুছলমান আৰু বংগ মূলীয় মুছলমানৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষৰ (Tense Situation in Barpeta) ৷

Tense Situation in Barpeta
বৰপেটাত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

বৰপেটা, 4 মে’: বুধবাৰে বৰপেটাৰ ভেল্লাৰ কালজাহী ৰিজাৰ্ভত দুটা ফৈদৰ মাজত সংঘটিত হয় তুমুল সংঘৰ্ষ (Tense Situation in Barpeta)৷ দা-কুঠাৰ, যাঠি-জোং লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ দুয়ো পক্ষৰ ৷ খিলঞ্জীয়া মুছলমান আৰু বংগ মূলীয় মুছলমানৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষৰ ৷ সংঘৰ্ষত দুয়ো পক্ষৰ কেবাজনো লোক আহত হৈছে ৷

সংঘৰ্ষত আহতসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ বুবুল ওজা, জিণ্টু ওজা আৰু মুনু ওজা নামৰ তিনিজন যুৱক গুৰুতৰভাৱে আহত হয় এই সংঘৰ্ষত ৷ বংগীয় মুছলমান পৰিয়ালৰ একাংশ যুৱকে ঈদ উপলক্ষ্যে খিলঞ্জীয়া মুছলমান(Indigenous Muslims) লোকৰ মাটিত জুৱা খেল আৰু নৃত্য গীত কৰাক লৈ সংঘাতৰ সূত্ৰপাত হয় ৷ বংগ মূলীয় মুছলমান যুৱকসকলে সেই স্থানত খেল-ধেমালি কৰাত বাধা প্ৰদান কৰে খিলঞ্জীয়া মুছলমান যুৱকৰ দলটোৱে ৷ কিন্তু বংগ মূলীয় মুছলমান পৰিয়ালৰ যুৱকসকলে সেই স্থানতে জুৱা, নাচ গান কৰিবই বুলি নাচোৰবান্দা হোৱাত দুয়ো পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷

দা-কুঠাৰ, যাঠি-জোং আদি লৈ বংগ মূলীয় মুছলমান সকলে(Bangiya Mussalman) খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত আক্ৰমণ চলায় ৷ প্ৰত্যুত্তৰত খিলঞ্জীয়া মুছলমানসকলেও আক্ৰমণ চলায় বংগ মূলীয় মুছলমানৰ দলটোৰ ওপৰত ৷ এই ঘটনাত দুয়ো পক্ষৰে প্ৰায় ১৫ জন লোক কম-বেছি পৰিমাণে আহত হয় ৷ সংঘৰ্ষৰ পাছত সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰে ৷

উল্লেখ্য যে, বংগ মূলীয় মুছলমানসকলে মছজিদৰ মাইকযোগে সংঘৰ্ষৰ বিষয়ে ৰাইজক অৱগত কৰোৱাত ঘটনাস্থলীৰ আশে-পাশে প্ৰায় দুহেজাৰ লোক সমবেত হয় ৷ ইফলে ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: কঠিয়াতলীত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ; আহত ৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.