ETV Bharat / state

কলগাছিয়াত জুৱা খেলক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট

author img

By

Published : May 4, 2022, 10:56 PM IST

জুৱা খেলক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা (Clash between gambler and local people at Kalgachia) ৷ এই মাৰপিটৰ ফলত কেইবাজনো লোক আহত হয় ৷ যাৰ ফলত অঞ্চলটোত এক অপ্ৰীতিকৰ পৰিস্থিতি়ৰ সৃষ্টি হয় ৷

Clash between gambler and local people at Kalgachia
কলগাছিয়াত জুৱা খেলক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা

জনিয়া, 4 মে’: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ তলত বুধবাৰে জুৱা খেলক কেন্দ্ৰ কৰি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ফলত কেইবাজনো লোক আহত হয় ৷ বৰপেটা জিলাত কোনোধৰণৰ পৰ্যটনস্থলী নথকাৰ বাবে যিকোনো উৎসৱৰ সময়ত এইদৰে এই কৰাৰকুৰ বেকী দলঙত ভিৰ কৰা পৰিলক্ষিত হয় জুৱাৰীয়ে ।

জানিব পৰা মতে, এই ভিৰৰ সুযোগ গ্ৰহণ কৰি একাংশ জুৱাৰীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে জুৱা আড্ডা । যাৰ ফলত অঞ্চলটোত এক অপ্ৰীতিকৰ পৰিস্থিতিয়ে দেখা দিয়ে ৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি সচেতন ৰাইজে এই জুৱা খেলত বাধা প্ৰদান কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি জুৱাৰী আৰু স্থানীয় লোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷

কিছু সময়ৰ পিছত এই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি মাৰপিটলৈ ৰূপান্তৰিত হয় । ফলত কেইবাজনো লোক আহত হয় । তাৰপিছতেই ঘটনাস্থলীত দুজন সাংবাদিক উপস্থিত হৈ জুৱা খেলত বাধা দিয়া যুৱক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত ঘটস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মাৰপিটৰ লগত জড়িত তিনিজন লোকক আটক কৰি থানালৈ লৈ যায় । ইতিমধ্যে এই ঘটনাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

লগতে পঢ়ক : North East Festival: গুৱাহাটীত নষ্ট-ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.