ETV Bharat / state

কিয় হতাশ হৈছে বজালীৰ ৰাজহ চক্ৰ বিষয়া ?

author img

By

Published : Sep 15, 2021, 9:05 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে ৰাজচক্ৰ কাৰ্যালয়ৰ দালাল ৰাজ উৎখাত কৰিবলৈ গৈ বজালী ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়া গৰাকী হতাশ হৈ পৰা দেখা গৈছে ৷

ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা দালালক গামোচা পিন্ধাই বিদায় দিব লাগে ৰাইজে

পাঠশাল, 15 ছেপ্তেম্বৰ : ৰাজ্যৰ ৰাজহ চক্ৰ কাৰ্যালয় সমূহত চলি থকা দালাল ৰাজ উৎখাত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ ভাৱে নিৰ্দেশ প্ৰদান কৰিছিল ৰাজহ চক্ৰ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত সকলক ৷ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় সমূহত দালাল ৰাজ উৎখাত কৰবিলৈ উঠি পৰি লাগিছে ৰাজহ চক্ৰ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত সকল ৷

এই সকলোবোৰৰ মাজতে বজালী ৰাজহ চক্ৰ বিষয়া কাকুমনি শইকীয়াই কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে ৰাজচক্ৰ বিষয়া গৰাকীয়ে বজালী ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা দালালৰাজ উৎখাত কৰিবলৈ গৈ হতাশ হৈ পৰা দেখা গৈছে ৷

উল্লেখযোগ্য যে, 2016 চনৰ এচিএছ বিষয়া গৰাকীয়ে আজিৰ পৰা দুমাহ পূৰ্ৱে বজালী ৰাজহ চক্ৰ কাৰ্যালয়ত যোগদান কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচত দালালৰাজ উৎখাত কৰিবলৈ গৈ একাংশ বিষয়াৰ বাবে থমকি ৰ’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বিষয়া গৰাকী ৷ দালাল ৰাজ এনেকৈ কাৰ্যালয়টোত সিপাই আছে যে, ইয়াক উৎখাত কৰিবলৈ গৈয়ো বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাজহ চক্ৰ বিষয়া কাকুমনি শইকীয়া ৷

লগতে পঢ়কঃ নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ

সাংবাদিকৰে হোবা বাৰ্তালাপত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কয় যে, নিজৰে লাজ লাগে সকলোৱে ভাবে নেকি ৰাজহ চক্ৰ বিষয়া সকলে টকা খায় ৷ লগতে তেওঁ কয় যে, মেধাৰ বলত চাকৰি লাভ কৰি ৰাইজৰ সেৱাৰ বাবে প্ৰতিদনে নিশালৈকে ডিউটি কৰি আহিছে ৷ কিন্তু মানুহৰ তেওঁলোকৰ প্ৰতি থকা ধাৰণাৰ বাবে তেওঁ হতাশাত ভুগিছে ৷

ইপিনে বৃহৎ দালালৰ পয়োভৰ থকা বজালী ৰাজহ চক্ৰ কাৰ্যালয়ত এচাম দালালে একাংশ লোকৰ পৰা মাটি কিনাবেচাৰ বাবে পাৱাৰ অফ এটৰ্নী লৈ যধেমধে আকাশলংঘী মূল্যত মাটি বিক্ৰী কৰি ধন ঘটি অহাৰো অভিযোগ আছে ৰাইজৰ মুখে মুখে ৷ আনহাতে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কয় যে, দালাল ৰাজ উৎখাত কৰাৰ ক্ষেত্ৰত ৰাইজে আগভাগ ল’ব লাগে আৰু দালালক গামোছা পিন্ধাই ৰাইজে বিদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়কঃ ভূমি পট্টা লাভৰ সম্ভাৱনাত চূণচালিবাসীৰ মুখত বিৰিঙিছে হাঁহি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.