ETV Bharat / state

চিৰাঙৰ বিজনীত কংগ্ৰেছৰ যোগদান সভা

author img

By

Published : Mar 23, 2021, 8:08 AM IST

চিৰাঙৰ বিজনীত কংগ্ৰেছৰ যোগদান সভা । শতাধিক লোকে যোগদান কৰে কংগ্ৰেছত । বিটিচিত কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থী নাই যদিও দলীয় স্থিতি মজবুত কৰাৰ প্ৰয়াস দলটোৰ ।

চিৰাঙৰ বিজনীত কংগ্ৰেছৰ যোগদান সভা
চিৰাঙৰ বিজনীত কংগ্ৰেছৰ যোগদান সভা

চিৰাং,23 মাৰ্চ : চিৰাং জিলা কংগ্ৰেছৰ কমিটিৰ মুখপাত্ৰ অনিৰ্বান সেনৰ নেতৃত্বত পুৰাণ বিজনী আদৰ্শ সংঘত সন্ধিয়া ৬ বজাত কংগ্ৰেছ দলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে পুৰাণ বিজনীৰ প্ৰায় ১৫০ জন পুৰুষ মহিলাই । উক্ত সভা পৰিচালনা কৰে চিৰাং জিলা কংগ্ৰেছৰ উপ-সভাপতি আবুল হাসান মিঞাই ।

চিৰাঙৰ বিজনীত কংগ্ৰেছৰ যোগদান সভা

চিৰাং জিলা কংগ্ৰেছৰ কমিটিৰ সম্পাদিকা ভবানী দাস বড়ো, চিৰাঙ জিলা সামাজিক মাধ্যমৰ সভাপতি নৱ কুমাৰ ৰায়কে ধৰি বহু দলীয় কৰ্মী এই সভাত অংশগ্ৰহণ কৰে । সভাত যোগদানৰ পিছতেই দলীয় কৰ্মী সকলে এইবেলী ৩৩নং বিজনী বিধানসভা সমষ্টি মহাজোঁটৰ প্ৰক্ষেপিত বিপিএফ দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীক বিজনী সমষ্টিত বিপুল ভোটত জয়ী কৰাৰ সংকল্প গ্ৰহণ কৰে ।

লগতে পঢ়কঃ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ অন্তসাৰ শূন্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.