ETV Bharat / state

ধাৰাষাৰ বৰষুণকো নেওচি বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী

ৰাজ্যৰ জনসাধাৰণে একেলগে কৰ'ণা মহামাৰী,বানপানী,খহনীয়া আদিকে ধৰি বিভিন্ন দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে ৷ কিন্তু এই সকলোবোৰ দুৰ্যোগৰ বিৰুদ্ধে সাহসেৰে ৰাজ্যৰ জনসাধাৰণে যুঁজ দিছে ৷ অসমৰ বান সমস্যাৰ সমাধানৰ বাবে পাহাৰীয়া চুবুৰীয়া ৰাজ্য আৰু ভূটানৰ সহযোগত যৌথভাৱে আগবাঢ়িব লাগিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Chief Minister Sarbananda sonowal visit relief camp of south barpeta
ধাৰাষাৰ বৰষুণকো নেওচি বানাক্ৰান্তৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী
author img

By

Published : Jul 20, 2020, 7:16 PM IST

বৰপেটা, 20 জুলাইঃ ৰাজ্যত প্ৰলয়ংকৰী বানৰ তাণ্ডৱ অব্য়াহত ৷ দিশহাৰা হৈ পৰিছে লক্ষাধিক লোক ৷ ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে কৃষিজীৱি ৰাইজ ৷ তেনে সময়তে বানাক্ৰান্ত ৰাইজৰ দুখ-দুদৰ্শা বুজ ল'বলৈ ৰাইজৰ কাষত নিজে গৈ উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আজি মুষলধাৰ বৰষুণকো নেওচি জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাস,বিধায়ক গুনীন্দ্ৰ নাথ দাস,অশোক কুমাৰ শৰ্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতাক লগত লৈ দক্ষিণ বৰপেটাৰ বিদ্যামন্দিৰ হাইস্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

ধাৰাষাৰ বৰষুণকো নেওচি বানাক্ৰান্তৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী

সাংবাদিকৰে হোৱা মুখামুখীত মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি কয় যে,ৰাজ্যৰ জনসাধাৰণে একেলগে কৰ'ণা মহামাৰী,বানপানী,খহনীয়া আদিকে ধৰি বিভিন্ন দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে ৷ কিন্তু এই সকলোবোৰ দুৰ্যোগৰ বিৰুদ্ধে সাহসেৰে ৰাজ্যৰ জনসাধাৰণে যুঁজ দিছে ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ এই বিপদ কালত সকলো প্ৰকাৰে সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ উত্তৰ-পূবৰ ৰাজ্য সমূহৰ প্ৰতিনিধিক লগত লৈ বিশেষজ্ঞ সমিতি গঠন কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা উল্লেখ কৰে ৷ অসমৰ বান সমস্যাৰ সমাধানৰ বাবে পাহাৰীয়া চুবুৰীয়া ৰাজ্য আৰু ভূটানৰ সহযোগত যৌথভাৱে আগবাঢ়িব লাগিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইপিনে আশ্ৰয় শিবিৰত বানাক্ৰান্ত লোকসকলক সাক্ষাৎ কৰাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা আৰু সৰভোগ থানাৰ নৱনিৰ্মিত দুটাকৈ ভৱন উদ্বোধন কৰে ৷ মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তও ৷ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে সততা আৰু নিষ্ঠাৰে আৰক্ষীক কাম কৰিবলৈ আহ্বান জনাই দুৰ্নীতিত লিপ্ত কোনো আৰক্ষী হাৰি যাব নোৱাৰে বুলি মন্তব্য কৰে ৷

Chief Minister Sarbananda sonowal visit relief camp of south barpeta
ধাৰাষাৰ বৰষুণকো নেওচি বানাক্ৰান্তৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী

আনহাতে,বৰপেটা সদৰ থানাৰ নৱনিৰ্মিত গৃহ উদ্বোধনী অনুষ্ঠানত বানত মৃত্যু হোৱা ১৬ গৰাকী লোকৰ পৰিয়ালৰ হাতত 4লাখকৈ টকাৰ আৰ্থিক সাহায্যৰ একোখনকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়কঃবান বিভীষিকা: ৰাজ্যত বানৰ কবলত পৰি মৃত্য়ু 84 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.