বৰপেটা,১৩ মাৰ্চ: চেঙাত এইবাৰ শুকুৰ আলী আহমেদৰ বেলি মাৰ যাব ৷ চেঙা সমষ্টিত বিধায়ক শুকুৰ আলী আহমেদ ইতিহাস হৈ ৰব ৷ এইবুলি শনিবাৰে কংগ্ৰেছ বিধায়ক শুকুৰ আলী আহমেদৰ বিৰুদ্ধে গৰজি উঠে চেঙা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ৰবিউল হুছেইন ৷
![গৰৈমাৰীত ৰবিউল হুছেইনক বিপুল আদৰণি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-12to17-13march-chenga-lac-agp-candidate-rally-visbitephoto-as10038_13032021134034_1303f_1615623034_653.png)
সমষ্টিটোত এতিয়াও মিত্ৰজোঁট অগপই আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ৷ কিন্তু আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই চেঙাত শক্তি প্ৰদৰ্শন কৰে অগপই ৷ প্ৰাপ্ত তথ্য অনুসৰি, চেঙা সমষ্টিৰ বাবে ইতিমধ্যে টিকট লাভ কৰিছে প্ৰাৰ্থী ৰবিউল হুছেইনে ৷ যাৰ বাবে শনিবাৰে চেঙা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ৰবিউল হুছেইনক বৰপেটাৰ গৰৈমাৰীত বিপুল আদৰণি জনোৱা হয় ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা দলীয় টিকট লৈ চেঙাত উপস্থিত হোৱাত ৰবিউল হুছেইনে এক বৃহৎ বাইক ৰেলীৰে পৰিভ্ৰমণ কৰিলে চেঙাৰ উত্তৰপাৰৰ বৃহৎ অঞ্চল ৷