ETV Bharat / state

বৰপেটাৰ বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ

বৰপেটাত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ(Student assaulted by teacher) ৷ বৰপেটা সদৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী ছাত্ৰজনৰ পিতৃৰ ৷ বিদ্যালয়ৰ অধ্যক্ষক অভিযোগ দাখিলৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পিতৃৰ ৷

author img

By

Published : Aug 26, 2022, 6:08 PM IST

case-registered-against-teacher-for-assault-student
বৰপেটাত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ

বৰপেটা, ২৬ আগষ্ট: বৰপেটাৰ ছেন্ট পল ইংলিছ মিডিয়াম স্কুলৰ এজন শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ(Student Injured After Assault By Teacher) ৷ অভিযুক্ত শিক্ষক মিঃ মিলিয়াৰে এজন সপ্তম শ্ৰেণীৰ ছাত্ৰক বিষমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে ছাত্ৰজনৰ পিতৃ পদ্মশ্ৰী ডেকাই ৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত পুত্ৰক শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকজনে চৰ, ভুকুৰ লগতে লঠিয়াই আৰু কিলাকুটিৰে নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ কৰিছে ছাত্ৰজনৰ পিতৃয়ে ৷

ভুক্তভোগী পিতৃ আৰু প্ৰধান শিক্ষক

২৪ আগষ্টত সংঘটিত হোৱা ঘটনাটোৰ বিৰুদ্ধে বিদ্যালয়খনৰ অধ্যক্ষক অভিযোগ দিছিল অভিভাৱকে ৷ পিছে অভিভাৱকৰ অভিযোগৰ প্ৰতি বিদ্যালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত শুকুৰবাৰে ছাত্ৰজনৰ পিতৃয়ে শিক্ষকজনৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে(Case Register against teacher) ৷ ছাত্ৰজনৰ পিতৃয়ে জনোৱা মতে ইতিমধ্যে ছাত্ৰজনক চিকিৎসা প্ৰদান কৰা হৈছে ৷

case-registered-against-teacher-for-assault-student
ছেন্ট পল ইংলিছ মিডিয়াম স্কুল

ইপিনে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰাৰ পিচতে বিদ্যালয়খনৰ অধ্যক্ষই ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে ৷ আনকি অভিযুক্ত শিক্ষকজনেও ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰে ৷ উল্লেখ্য যে, এজাহাৰ দাখিলৰ পূৰ্বে বিদ্যালয়খনৰ অধ্যক্ষই বিষয়টোক লৈ কোনো গুৰুত্বই প্ৰদান নকৰাৰ অভিযোগ কৰে ছাত্ৰজনৰ পিতৃয়ে ৷

লগতে পঢ়ক: মৃত পিতৃৰ নামত ঋণ লৈ জালত পৰিল পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.