ETV Bharat / state

বৰপেটাত শিক্ষকৰ বিৰুদ্ধে হিন্দু শিক্ষাৰ্থীক ইছলাম সজোৱাৰ অভিযোগ - হিন্দু শিক্ষাৰ্থী

বৰপেটাত স্বয়ং শিক্ষকৰ বিৰুদ্ধে উঠিছে হিন্দু শিক্ষাৰ্থীক ইছলাম ধৰ্মৰ পৰিচয় দি স্কলাৰশ্বিপ আদায় কৰাৰ অভিযোগ ৷ অভিভাৱকৰ অভিযোগ বৰপেটাৰ কাৱৈমাৰী গাঁৱৰ লাচিত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ত হিন্দু ছাত্ৰ ছাত্ৰীক ইছলাম ধৰ্মাৱলম্বী বুলি পৰিচয় দি সংখ্যালঘু স্কলাৰশ্বিপৰ নামত সংঘটিত কৰা হৈছে ব্যাপক অনিয়ম ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু কম্পিউটাৰ সহায়কৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত গোচৰ ৰুজু ৷

বৰপেটাত  শিক্ষকৰ বিৰুদ্ধে হিন্দু শিক্ষাৰ্থীক ইছলাম সজোৱাৰ অভিযোগ

author img

By

Published : Oct 3, 2020, 6:34 PM IST

বৰপেটা, 3 অক্টোবৰ : বৰপেটাত শিক্ষকৰ বিৰুদ্ধে উঠিছে হিন্দু শিক্ষাৰ্থীক ইছলাম সজোৱাৰ গুৰুতৰ অভিযোগ ৷ বৰপেটাৰ কাৱৈমাৰী গাঁৱৰ লাচিত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু কম্পিউটাৰ শিক্ষক জনৰ বিৰুদ্ধে মিথ্যাচাৰেৰে স্ক'লাৰশ্বিপ আদায় কৰাৰ অভিযোগ অভিভাৱক সকলৰ ৷ অভিভাৱক সকলৰ অভিযোগ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত অহা স্কলাৰশ্বিপৰ নামত বিদ্যালয় খনত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷

বৰপেটাত শিক্ষকৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত গোচৰ ৰুজু

উল্লেখ্য যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত কেন্দ্ৰীয় চৰকাৰে যি স্কলাৰশ্বিপ প্ৰদান কৰে, সেইয়া আদায় কৰাৰ বাবে অভিভাৱক সকলক নজনোৱাকৈয়ে হিন্দু ছাত্ৰ ছাত্ৰীক মুছলমান সজোৱাত অভিভাৱক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একাংশ অভিভাৱকে অভিযোগ কৰি কয় যে বিদ্যালয় খনৰ প্ৰধান শিক্ষকজনে আনকি আবেদন কৰাৰ নামত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা তিনিশ টকাকৈ সংগ্ৰহ কৰিছে ৷ প্ৰধান শিক্ষক গৰাকীৰ এনে কাৰ্যত ক্ষুব্ধ হৈ এতিয়া অভিভাৱক সকলে সৰ্থেবাৰী থানাত এক গোচৰো ৰুজু কৰিছে ৷ প্ৰধান শিক্ষক গৰাকীৰ লগতে তেওঁৰ সহযোগী কম্পিউটাৰ সহায়ক গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিভাৱক সকলে এই অনিয়মৰ উচিত তদন্তৰ দাবী জনাইছে ৷

লগতে পঢ়ক: অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ভাস্কৰ্য শিল্পী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.