ETV Bharat / state

গৃহীত হ'ল কেব: ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদৰ জোৱাৰ

author img

By

Published : Dec 10, 2019, 2:46 AM IST

লোকসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ অসমৰ জনসাধাৰণৰ লগতে দল সংগঠনৰ বাধা স্বতেও বিজেপিয়ে আজি লোকসভাত কেবক গৃহীত কৰে ৷ ইয়াৰ বিৰুদ্ধে বৰ্তমানেও সমগ্ৰ অসমত জ্বলিছে প্ৰতিবাদৰ জুই ৷

CAB protest overall
গৃহীত হ'ল কেব: ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদৰ জোৱাৰ

ডিব্ৰুগড়,9 ডিচেম্বৰ: ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে সকলো ৷ ডিব্ৰুগড়তো কেব বিৰোধী আন্দোলন ক্ৰমে উতপ্ত হৈ পৰিছে । আজি চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়ত ডিব্ৰুগড়টো বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰাৰ পিচত বিভিন্ন স্থানত বন্ধৰ সৰ্মথক সকলে প্ৰতিবাদী ৰেলী আৰু ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰি পৰিৱেশ উত্তাল কৰি তোলে । ডিব্ৰুগড়ৰ গেছক্ৰেকাৰ প্ৰকল্পৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰাৰ লগতে মোহনবাৰী বিমানবন্দৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ আৰু বিমানবন্দৰলৈ যোৱা একাংশ ব্যক্তিগত গাড়ী চলাচলত বাধা দিয়াত উতপ্ত পৰিস্থিতি সৃষ্টি হয় । আনহাতে ডিব্ৰুগড়ত উপস্থিত হৈ প্ৰতিবাদত যোগ দিয়ে কৃষক নেতা অখিল গগৈয়ে ৷ গগৈয়ে প্ৰতিবাদকাৰীসকলৰ সতে লগ হৈ মুখ্যমন্ত্ৰীৰ গৃহ চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইপিনে সোমবাৰে বন্ধৰ মাজতে কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ লক্ষ্মীনগৰস্থিত বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে । বিশাল নিৰাপত্তা বেষ্টনিকো নেওচি মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰায় এঘণ্টা সময় প্ৰতিবাদ সাব্যস্ত কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বাসগৃহৰ সন্মুখৰ পৰা পুনৰবাৰ সকীয়নি দিয়ে গৃহসমষ্টিৰ ৰাইজে । কেব যদি আনে তেন্তে অসম অশান্ত হ'ব বুলিও সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।

ডিব্ৰুগড়ত কেব বিৰোধী আন্দোলন ক্ৰমে উতপ্ত হৈ পৰিছে

আনহাতে ডিব্ৰুগড় নগৰৰ মাজমজিয়াত উলংগ হৈ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । সদৰ থানাৰ সমিপতে কেবৰ প্ৰতিবাদত থানা চাৰিআলিত উলংগ হ'ল তিনিজন । টাই আহোম যুৱ পৰিষদৰ জিলা সম্পাদক দীপাংকৰ দুৱৰাসহ কৃষক মুক্তিৰ কৰ্মী তিনিজনে কেবৰ বিৰুদ্ধে উলংগ হৈ চহৰৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে ।

ধুবুৰী: কেবৰ বিৰুদ্ধে ধুবুৰী যুৱ সমাজৰ জোঁৰ সমদল । ইয়াৰ ধুবুৰীৰ উদ্যোগত শতাধিক যুৱ প্ৰজন্মই হাতে হাতে জোঁৰ লৈ বিশাল প্ৰতিবাদী সমদল ৷ উল্লেখ্য যে, ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তো বিজেপি চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে অনাগত দিনত ভয়াৱহ আন্দোলনৰ সন্মুখীন হ’ব লাগিব আৰু ইয়াৰ বাবে বিজেপি চৰকাৰ দায়ী হব বুলি হুংকাৰ দিয়ে ধুবুৰীৰ যুৱ সমাজে ।

নগাঁও: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল । জোঁৰ সমদলত অংশগ্ৰহণ কৰি কেব গৃহীত হলে যুদ্ধৰ বাবেও সাজু আছোঁ বুলিও হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল

টিংখাং: টিংখাঙৰ বিজেপি বিধায়ক বিমল বৰাৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতাৰে বিধায়কগৰাকীৰ ঘৰ ঘেৰাও কৰে আটাছু, আছু, চুতিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল সংগঠনে । প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাই আৰু সভাপতি ৰাণাপ্ৰতাপ বৰুৱাৰ মুক্তিৰ দাবী কৰে । প্ৰতিবাদকাৰীসকলে বিমল বৰাৰ গৃহত ক’লা পতাকা প্ৰদৰ্শন কৰা লগতে হাতে হাতে বেনাৰ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে ।

টিংখাঙত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতাৰে বিধায়কগৰাকীৰ ঘৰ ঘেৰাও

গুৱাহাটী: গুৱাহাটীত এলডিপি আৰু এনচিপি দলৰ যৌথ প্ৰচেষ্টাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি লক্ষীধৰ বৰা ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিকৃতি দাহ কৰি দল দুটাই কয় যে কোনো কাৰণতে কেব আমি মানি নলওঁ, কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিবই লাগিব এই বিধেয়ক আদিৰে হুংকাৰ প্ৰদান কৰে ৷

গুৱাহাটীত এলডিপি আৰু এনচিপি দলৰ যৌথ প্ৰচেষ্টাত কেবৰ বিৰোধ

নাজিৰা :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ পৰা উপহাৰ হিচাপে পোৱা গামোচা ঘূৰাই দিবলৈ আহ্বান টাই আহোম যুৱ পৰিষদৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা নাজিৰা চহৰৰ মাজেৰে চোচৰাই নি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি সেইসমূহ দাহ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

নাজিৰাত কেবৰ বিৰুদ্ধে উত্তাল পৰিৱেশ

কোকৰাঝাৰ: কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত কেবৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হয় । আছু নেতা নৱজ্যোতি ৰায়ৰ নেতৃত্বত আৰু জিলা আছুৰ উদ্যোগত আছু কাৰ্যালয়ৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰূপায়ন কৰা প্ৰতিবাদী সমদলত শতাধিক জনতাই অংশগ্ৰহণ কৰে আৰু কোকৰাঝাৰ চহৰ উত্তাল কৰি তোলে । ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত "আহ আহ ওলাই আহ সজাগ জনতা" ৰে মুখৰিত কৰি তোলে সমদল ৷ দিনৰ ভাগত ছাত্ৰ সংগঠনটোৱে কেবৰ প্ৰতিলিপি দাহৰ লগতে অসমৰ পাঁচজন মন্ত্ৰী ক্ৰমে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, ফণীভুষন চৌধুৰী আৰু কেশৱ মহন্তক জাতিদ্ৰোহী আখ্যা দি তেওঁলোকৰ প্ৰতিমূৰ্তিক কোকৰাঝাৰ ফ্লাইঅভাৰত ফাঁচীকাঠত ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে ।

কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত কেবৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল

হোজাই: কেবক লৈ হোজাই জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আৰু কেশৱ মহন্তৰ প্ৰতিকৃতি জ্বলাই ছাত্ৰ সন্থাই ৰাজপথত কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

কেবক লৈ হোজাই জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

তেজপুৰ: তেজপুৰত আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত বৃহৎ সংখ্যক নাগৰিকে জোঁৰ সমদল উলিয়াই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰায় 2 হাজাৰৰো অধিক আছু আৰু সাধাৰণ নাগৰিকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ তেজপুৰ জিলা প্ৰশাসনে আজিৰে পৰা প্ৰযোজ্য কৰা ১৪৪ ধাৰাক নেওচি এই প্ৰতিবাদ সাব্যস্ত কৰে ।

তেজপুৰত কেবৰ বিৰুদ্ধে জোঁৰ সমদল

চতিয়া: সোমবাৰে বিয়লি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ জামুগুৰি ছাত্ৰ সন্থাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিৰ শৱদেহ দাহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কেবৰ বিৰুদ্ধে চতিয়াত তীব্ৰ প্ৰতিবাদ

কলগাছিয়া: কলগাছিয়াৰ গুনীলগুৰিত কেবৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল । প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আজমান আলি আহমেদ, সাধাৰণ সম্পাদক ৰফিকুল ইছলামৰ লগতে বিভিন্ন ছাত্ৰ সমাজ আৰু সমাজ সচেতন ৰাইজে অংশগ্ৰহণ কৰে ।

আৰু পঢ়কঃ ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌঃ বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ

Intro:ডিব্ৰুগড় নগৰত অব্যাহত আছে প্ৰতিবাদ।ডিব্ৰুগড় নগৰৰ মাজমজিয়াত উলংগ হৈ প্ৰতিবাদ।সদৰ থানা সমিপতে থানাচাৰিআলিত উলং হ'ল তিনিজন।টাইপাৰ জিলা সম্পাদক দীপাংকৰ দুৱৰা সহ কৃষক মুক্তিৰ কৰ্মী সহ তিনিজনে উলংগ হৈ প্ৰতিবাদ কৰে।চহৰৰ মাজত এই প্ৰতিবাদ।লগতে বিভিন্ন ঠাইৰ মহিলাই ৰাজপথত বহি,বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে কেবৰ বিৰুধীতা সহ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড়ৰৰ থানা চাৰিআলিত।

Byte:1,2 নগ্ন প্ৰতিবাদকাৰীBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.