ETV Bharat / state

ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌঃ বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ

author img

By

Published : Dec 9, 2019, 8:10 PM IST

অসমজুৰি সম্প্ৰতি অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদৰ ঢৌ ৷ আন আন স্থানৰ দৰে সোমবাৰে প্ৰতিবাদত কঁপি উঠিল যোৰহাট চহৰ ৷ অসম বন্ধৰ ব্যাপক প্ৰভাৱৰ মাজতে শিৱসাগৰত সোমবাৰে প্ৰতিবাদকাৰী দলে ঘেৰাও কৰে দুই বিজেপি নেতাৰ বাসগৃহ ৷ গোলাঘাটত ঐক্য সেনাই কেব বাতিলৰ দাবীত সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথত নামিল বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷

বিভিন্ন স্থানত দল-সংগঠনৰ সাব্যস্ত প্ৰতিবাদ
ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌ

নিউজ ডেস্ক,9 ডিচেম্বৰঃ সমগ্ৰ অসমজুৰি সম্প্ৰতি অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদৰ ঢৌ ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ ৰাজপথত পৰিলক্ষিত হয় সহস্ৰাধিক প্ৰতিবাদী জনতাক ৷ অসমৰ আন আন স্থানৰ দৰে সোমবাৰে প্ৰতিবাদত কঁপি উঠিল যোৰহাট চহৰ ৷ যোৰহাটৰ স্থানীয় ৰাইজে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে এক নজৰবিহীন প্ৰতিবাদ ৷ পুৱাৰ ভাগত যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয় । জিলাখনৰ সকলো নাগৰিকে স্বতঃস্ফুৰ্তভাৱে আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইয়াৰ পিছত প্ৰতিবাদী দলটোৱে চহৰখনৰ মাজৰে এক সমদল উলিয়ায় ৷ যদি চৰকাৰে অসমীয়াৰ ওপৰত বলপূৰ্বকভাৱে কেব বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ৰাজ্যৰ পৰিৱেশে কি পৰ্যায় পাব ইয়াৰ পৰা অনুমান কৰিব পাৰি ।

শিৱসাগৰঃ কেব বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ ব্যাপক প্ৰভাৱৰ মাজতে শিৱসাগৰত সোমবাৰে প্ৰতিবাদকাৰী দলে ঘেৰাও কৰে দুই বিজেপি নেতাৰ বাসগৃহ । থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ দৰিকাপাৰ সমীপৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে বিজেপি আৰু চৰকাৰক সমালোচনা কৰে । আনহাতে অন্য একাংশ দল-সংগঠনে জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰীৰ লক্ষ্মীনগৰৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

গোলাঘাটঃ গোলাঘাটত ঐক্য সেনাই কেব বাতিলৰ দাবীত সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ । গোলাঘাটৰ চুকাফা চাৰ্কোলত ঐক্য সেনাৰ এটা দলে এই প্ৰতিবাদ সাব্যস্ত কৰে । পিছত এইসকল প্ৰতিবাদকাৰীক গোলাঘাট আৰক্ষীয়ে আটক কৰে । আটকাধীন প্ৰতিবাদী দলটোত ১৪ জন সদস্য আছিল ৷ আৰক্ষীয়ে প্ৰতিবাদী দলটোক গোলাঘাট আৰক্ষী চকীলৈ লৈ যায় ।

গোলাঘাটত ঐক্য সেনাই সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ

বৰপেটাঃ ৰাজ্যৰ আন প্ৰান্তৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথত নামিল বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ বৰপেটাত অব্যাহত থকা ১৪৪ ধাৰা অমান্য কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত সোমবাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ দৰাচলতে প্ৰতিবাদী কাৰ্যসূচীক বাধা প্ৰদানৰ উদ্দেশ্যে জিলা উপায়ুক্তই জাৰি কৰিছিল ১৪৪ নং ধাৰা ৷ পিছে জিলা প্ৰশাসনৰ এই নিষেধাজ্ঞাক আওকাণ নকৰি ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে বৰ্ষীয়ান সাহিত্যিক,কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে চৰকাৰক ৰাইজৰ মনৰ পৰিস্থিতিৰ অনুভৱ কৰিবলৈ আহ্বান জনায় ৷ ইপিনে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে বৰপেটা চহৰৰ মাজমজিয়াৰ পাঁচআলি চ’ক অৱৰোধ কৰি পিছত উপায়ুক্ত কাৰ্যালয়লৈ আগবাঢ়ে ৷ অৱশ্যে প্ৰতিবাদকাৰী দলটোক আৰক্ষী,চি আৰ পি এফ আৰু এছ এছ বিয়ে বাধা প্ৰদান কৰে ৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা ৰাজপথত চোঁচৰাই নি পিছত দাহ কৰে ৷ জাতীয় সংগীত পৰিৱেশনেৰে এই প্ৰতিবাদৰ সামৰণি কৰা হয় ৷

ইপিনে জিলাখনৰ সৰ্থেবাৰীত সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা আৰু সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ লগতে সৰ্বানন্দ সোণোৱাল আৰু ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদী দলটোৱে । তদুপৰি ৰাজপথত টায়াৰ জ্বলাইয়ো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীসকলে । যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়ক বাতিল হব লাগিব বুলি দলটোৱে চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷ ইফালে সৰ্থেবাৰী ছাত্ৰ সন্থাই কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ উল্লেখ্য যে, কেব বিৰোধী এই প্ৰতিবাদত অংশগ্ৰহণ কৰে সদ্য পদত্যাগী অগপৰ মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্যা দীপ্তিৰাণী ডেকাই । এই প্ৰতিবাদৰ জৰিয়তে ডেকাই অসম তথা ভাৰত চৰকাৰ আৰু অগপ দলক কেব বাতিল কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

ধুবুৰীঃ ধুবুৰীৰ ছাত্ৰ সমাজ সোমবাৰে কেবৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হয় । শিক্ষামন্ত্ৰীৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজপথলৈ ওলাই আহে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ । বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ছাত্ৰসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মহাবিদ্যালয়ৰ সন্মুখত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰে হোৱা হতাহতিৰ ফলত পৰিস্থিতিৰ কিছু অৱনতি ঘটে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰসকলে এই বিধেয়ক বাতিল নকৰিলে ভৱিষ্যতে পৰিণাম ভয়াৱহ হ’ব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷

ইপিনে বিলাসীপাৰাতো কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱা হয় ৷ বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী দলটোৱে বিজেপি মুৰ্দাবাদ,অমিত শ্বাহ মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ তদুপৰি ৰাজপথত চৰকাৰ বিৰোধী শ্লোগানেৰে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগতে প্ৰতিবাদী সমদল উলিয়ায় একাংশ ছাত্ৰ ছাত্ৰীয়ে ৷ প্ৰতিবাদী দলটোৱে প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহৰ পৰা চক্ৰবিষয়াৰ কাৰ্যালয়লৈ সমদল উলিয়াই কেবৰ বিৰোধিতা কৰে ৷

ৰাজ্যজুৰি বিয়পিছে কেব বিৰোধী ঢৌ

গুৱাহাটীঃ ৰাজধানী মহানগৰীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতৰ ফলত সোমবাৰে পৰিস্থিতিৰ অৱনতি ঘটে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৌদিশে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাৰ সময়তে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰ সমাজো কেবৰ বিৰোধিতাৰে ওলাই অহা পৰিলক্ষিত হৈছে ৷ চৌদিশে প্ৰতিবাদ চলি থকাৰ সময়তে কাহিলিপাৰাৰ দক্ষিণগাঁওৰ পৰা মুছলিম ষ্টুডেণ্ট ফেডাৰেচন আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে এক ৰেলী উলিয়ায় ৷ গণেশগুৰি অভিমুখে যোৱা এই সমদলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ আৰক্ষীৰ এই কাৰ্যত প্ৰতিবাদকাৰীসকলে মুখামুখি তৰ্কত লিপ্ত হোৱাত পৰিস্থিতিৰ অৱনতি ঘটে ৷

ৰঙিয়াঃ ৰঙিয়াৰ ৰাজপথত সোমবাৰে প্ৰতিবাদত নামে যুৱ কংগ্ৰেছীৰ নেতা তথা সদস্যসকল ৷ বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰঙিয়া যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আই ৰ কৰ্মীসকলে কংগ্ৰেছ ভৱনৰ পৰা সমদল উলিয়াই ৰঙিয়াৰ হাইৱে চ’কত প্ৰধানমন্ত্ৰী মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে ৷ তদুপৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে পুত্তলিকা দাহৰ সময়ত আৰক্ষীৰ লগত প্ৰতিবাদকাৰীসকলৰ টনা-আঁজোৰা লগা পৰিলক্ষিত হয় । কংগ্ৰেছ কৰ্মীসকলে কোনো পৰিস্থিতিত এই বিধেয়কখন মানি নোলোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে ৷

সোণাপুৰঃ কেবক লৈ গৃহ সমষ্টিত চৰম অপমানৰ সন্মুখীন হয় বিধায়ক অতুল বৰা ৷ সোমবাৰে দিছপুৰৰ বিধায়ক বৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰৰ সমীপৰ ডিগাৰু গেটত আছুকে ধৰি স্থানীয় লোকসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে, ডিগাৰু পঞ্চায়তৰ আধাৰশিলা স্থাপন কৰি গুৱাহাটীমুখে অহাৰ পথত বিধায়কগৰাকীক বাটভেটি কনভয় ৰখাই ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ক’লা পতাকা প্ৰদৰ্শন কৰে । দৰাচলতে কেবৰ বিৰুদ্ধে মাত নমতাৰ বাবে অতুল বৰাক গৃহসমষ্টিতে অপমান কৰে ক্ষুদ্ধ জনতাই ।

হাইলাকান্দিঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালকৈ বৰাকতো তীব্ৰ হৈছে কেব বিৰোধী প্ৰতিবাদী আন্দোলন ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে হাইলাকান্দিৰ কৃষ্ণপুৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ সোমবাৰে দলটোৱে পুৱাৰ ভাগত ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজপথত দীৰ্ঘসময় ধৰি চলা এই প্ৰতিবাদৰ ফলত চহৰখনত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ফলত আবদ্ধ হৈ পৰে শ শ যানবাহন ৷ পিছত আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক আটক কৰে ৷

মিৰ্জাঃ মিৰ্জাৰ ৰাজপথত সোমবাৰে জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি ৷ কেব প্ৰত্যাহাৰৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰসন্থাই এই প্ৰতিমূৰ্তি দাহ কৰে ৷ গুৱাহাটী-গোৱালপাৰা সংযোগী ১৭ নং(পূৰ্বৰ ৩৭) ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিমূৰ্তি দাহেৰে আছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ । চৰকাৰক বিধায়ক বাতিলৰ দাবী জনায় ছাত্ৰসন্থাৰ প্ৰতিবাদী দলটোৱে ।

ৰাজপথত হাজাৰ হাজাৰ নাগৰিক।।প্ৰতিবাদত উত্তাল যোৰহাটৰ আকাশ বতাহ।।কপি উঠিল ৰাজপথ।।

বৃহৎ সমদল যোৰহাটত।যোৰহটীয়া ৰাইজৰ নজৰবিহীন প্ৰতিবাদ।
কেব বিৰোধী প্ৰতিবাদত উত্তাল সমগ্র ৰাজ্য।ৰাজ্যৰ চৌদিশে ৮৩ আন্দোলনৰ পৰিৱেশ।পুৱাৰ পৰা যোৰহাটৰ উপায়ুক্ত কায্যলয়ৰ সন্মুখত হাজাৰ হাজাৰ নাগৰিকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপ ললেগৈ বিৰ দি বাট নোপোৱা পৰিৱেশ।জিলা খনৰ সকলো নাগৰিক স্বত্বৰ্ফুত ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল।ইয়াৰ শেষত প্ৰতিবাদী নাগৰিকে চহৰখনৰ মাজৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।কোনো কাৰণত কেব মানি নলয়।যদি চৰকাৰে অসমীয়া জাতীৰ উপৰত কেব জাপি দিয়ে তেনেহলে ৰাজ্যৰ পৰিৱেশ পৰিষ্টিতি কি হবগৈ ইয়াৰ পৰাই অনুমান কৰিব পাৰি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.