ETV Bharat / state

Covid Protocol : ৪ মাহত ৪ টকাৰো উপাৰ্জন নাই বাছ কৰ্মচাৰীৰ - bus workers protest

লক ডাউনৰ ফলত যাত্ৰীবাহী বাছৰ চলাচল বন্ধ হৈ থকাত ৪ মাহত ৪ টকাৰো উপাৰ্জন নাই বাছ কৰ্মচাৰীৰ ৷ এনে এক জটিল পৰিস্থিতিৰ মাজত দিন কটাবলগীয়া হোৱা বাছ শ্ৰমিকসকলে আন্তঃজিলা যাতায়াত মুকলিৰ দাবীত আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ শীঘ্ৰে আন্তঃজিলা যাতায়াত মুকলিৰ দাবী তোলে বাছ শ্ৰমিক সংগঠনসমূহে ৷

Covid Protocol
৪ মাহত ৪ টকাৰো উপাৰ্জন নাই বাছ কৰ্মচাৰীৰ
author img

By

Published : Aug 19, 2021, 9:59 PM IST

বৰপেটা, ১৯ আগষ্ট : কৰ’ণাকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে আৰু কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে বিগত চাৰি মাহ ধৰি চৰকাৰে গ্ৰহণ কৰিছে আংশিক লক্ ডাউন তথা সান্ধ্য আইনৰ পদক্ষেপ ৷ এই সময়চোৱাত বন্ধ হৈ আছে ৰাজ্যখনৰ যাত্ৰীবাহী বাছ সেৱা ৷ আন্তঃ জিলা যাতায়াত বন্ধৰ ফলত বাছ মালিক সকলৰ লগতে মূলতঃ অধিক সমস্যাৰ সন্মুখীন হৈছে বাছত কাম কৰা শ্ৰমিকসকল ৷

লক ডাউনৰ ফলত যাত্ৰীবাহী বাছৰ চলাচল বন্ধ হৈ থকাত ৪ মাহত ৪ টকাৰো উপাৰ্জন নাই বাছ কৰ্মচাৰীৰ ৷ নাই বেংক বেলেঞ্চ, নাই চৰকাৰী সহায়-সাহায্য ৷ এনে এক জটিল পৰিস্থিতিৰ মাজত দিন কটাবলগীয়া হোৱা বাছ শ্ৰমিকসকলে আন্তঃজিলা যাতায়াত মুকলিৰ দাবীত আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে বৰপেটাৰ হাউলীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আন্তঃজিলা যাতায়াত মুকলিৰ দাবী তোলে বাছ শ্ৰমিক সংগঠনসমূহে ৷

৪ মাহত ৪ টকাৰো উপাৰ্জন নাই বাছ কৰ্মচাৰীৰ

লগতে পঢ়ক : কাৰ্যালয়ত কৰ্মচাৰী নাই; মন্ত্ৰীয়ে কৰ্তন কৰিলে এদিনৰ দৰমহা

ইপিনে আন্তঃজিলা যাতায়াত বন্ধ থকাৰ পিচতো একাংশ বাছ মালিকে আৰক্ষীক মেনেজ কৰি যাত্ৰীবাহী বাছৰ যাতায়াত অব্যাহত ৰখাৰ অভিযোগ তুলিছে বাছ শ্ৰমিকসকলে ৷ আৰক্ষীক মেনেজ কৰি একাংশ বাছ মালিকে বাছৰ চলাচল অব্যাহত ৰখাৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰে আন্তঃজিলা যাতায়াত মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনায় বাছ শ্ৰমিকসকলে ৷ অন্যথা ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অমান্য কৰি বাছ শ্ৰমিকসকলে বাছৰ চলাচল কৰিবলৈ বাধ্য হৈ পৰিব বুলিও হুংকাৰ প্ৰদান কৰে ৷ বাছ শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কি ভূমিকা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

শেহতীয়াভাৱে ৰাজ্যচৰকাৰে প্ৰকাশ কৰা ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়া নাই যদিও ব্যক্তিগত বাহনৰ ক্ষেত্ৰত এই নিয়ম লাঘৱ কৰা হৈছে ৷ আন্তঃজিলা যাতায়াত বন্ধ হৈ পৰাৰ ফলত ৰাজ্যৰ বাছ চালক, হেণ্ডিমেন, বাছ মালিক আদি প্ৰচুৰ বিপদৰ সন্মুখীন হৈছে ৷ তাৰোপৰি বাছ মেৰামতিৰ সৈতে জড়িত গেৰেজৰ কৰ্মচাৰী সকলেও বাট চাব লগীয়া হৈছে আন্তঃজিলা যাতায়াত মুকলি হোৱালৈ ৷

লগতে পঢ়ক : গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.