ETV Bharat / state

বৰপেটা সত্ৰত উপস্থিত হৈ গুৰুৰ আৰ্শীবাদ ল'লে হাগ্ৰামা মহিলাৰীয়ে

author img

By

Published : Jun 25, 2020, 6:54 PM IST

ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্তিৰ উদ্দেশ্যে বৃহস্পতিবাৰে পুৱাই দ্বিতীয় বৈকুন্ঠপুৰী প্ৰসিদ্ধ বৰপেটা সত্ৰত উপস্থিত হয় বিটিচিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰী ৷

BPF leader Hagrama Mohilari visited Barpeta satra
বৰপেটা সত্ৰত উপস্থিত হৈ গুৰুৰ আৰ্শীবাদ ললে হাগ্ৰামা মহিলাৰীয়ে

বৰপেটা, 25 জুন: ৰাজনৈতিক নেতাসকলৰ বাবে ভোটাৰৰ ভোটেই শাসনৰ গাদীত বহাৰ একমাত্ৰ সাৰথি নহয় ৷ ভোটৰ লগতে ৰাজনৈতিক নেতাসকলক লাগে পৰম কৰুণাময় ঈশ্বৰৰো আশীৰ্বাদ ৷ সেয়ে ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্তিৰ উদ্দেশ্যে বৃহস্পতিবাৰে পুৱাই দ্বিতীয় বৈকুন্ঠপুৰী প্ৰসিদ্ধ বৰপেটা সত্ৰত উপস্থিত হয় বিটিচিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰী ৷ যদিও বিটিচিৰ সীমাৰ ভিতৰত বৰপেটা জিলাৰ কোনো সমষ্টি অন্তৰ্ভূক্ত নহয়, বা বৰপেটাত কোনো ভোটাৰ নাই ৷ তথাপি বৰপেটা সত্ৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু গুৰু দুজনাৰ আশীৰ্বাদ কামনাৰে এনেদৰে বৰপেটা সত্ৰত উপস্থিত হৈ সেৱা জনায় হাগ্ৰামা মহিলাৰীয়ে ৷

উল্লেখ্য যে, বৰপেটা সত্ৰৰ গুৰু দুজনাৰ আশিস লৈ বৰপেটাৰ সৰভোগৰ ঐতিহ্যমণ্ডিত মইনবৰী সত্ৰত উপস্থিত হৈ সত্ৰখনত সেৱা জনায় হাগ্ৰামা মহিলাৰীয়ে ৷ বিপিএফ নেতা প্ৰবীন বড়োৰ সতে বৰপেটা আৰু মইনবৰি সত্ৰত উপস্থিত হৈ গুৰুদুজনাৰ পৰা আগন্তুক নিৰ্বাচনত বিপিএফৰ বিজয় আশীষ প্ৰাৰ্থনা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু উন্নয়নৰ বাবেও গুৰুজনাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰে মহিলাৰীয়ে ৷ অবশ্যে বিটিচি নিৰ্বাচন সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত সত্ৰত সেৱা জনাবলৈ আহি ৰাজনৈতিক বিষয়ক লৈ কোনো ধৰণৰ মন্তব্য নকৰো বুলি জনালে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়কঃ ৰাজনৈতিক সংকট : মণিপুৰৰ চাৰি বিধায়ক আৰু কনৰাড চাংমাসহ ইম্ফললৈ যাত্ৰা মন্ত্ৰী হিমন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.