ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি কৰিছে বিপিএফৰ প্ৰাৰ্থী সকলে ? - assam vidhan sabha election

কংগ্ৰেছ-এআইইউডিএফৰ পাচত এতিয়া হৰ্চ ট্ৰেডিঙৰ ভয়ত দৌৰিছে বিপিএফৰ প্ৰাৰ্থী সকল ৷ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰথমে পশ্চিম বংগত আৰু এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এখন ক’টেজত ৰখা হৈছে বিপিএফৰ প্ৰাৰ্থী সকলক ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি কৰিছে বিপিএফৰ প্ৰাৰ্থী সকলে ?

author img

By

Published : Apr 26, 2021, 11:00 PM IST

বৰপেটাৰোড, 26 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক'ভিডৰ এক ভয়ংকৰ পৰিবেশে বিৰাজ কৰি থকাৰ সময়তে হৰ্চ-ট্ৰেডিঙৰ ভূতে খেদি ফুৰিছে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক ৷ ইয়াৰ লগতে নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো পাঁচটা দিন বাকী থকা সময়ত শাসকীয় দল বিজেপিত হৰ্চ-ট্ৰেডিঙৰ আশংকাত মহাজোঁটৰ অংশীদাৰ হোৱা দল সমূহেও আৰম্ভ কৰিছে হোটেল আৰু ৰিজৰ্ট পলিটিক্স ৷

মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফৰ প্ৰাৰ্থী সকলৰ পাচতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক হৰ্চ ট্ৰেডিং ভয়ত গুৱাহাটীৰ সোণাপুৰস্থিত দিচাং ৰিজৰ্টত আৱদ্ধ কৰি ৰখা হৈছে ৷ উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰে কংগ্ৰেছৰ প্ৰাৰ্থী সকলক দিচাং ৰিজৰ্টত ৰখাৰ পাচতে বৰ্তমান প্ৰাৰ্থীসকলক নিজ নিজ সমষ্টিলৈ যাবলৈ দিয়া হৈছে বুলি এক সূত্ৰই জানিবলৈ দিছে ৷

যি কি নহওক, শেহতীয়াকৈ হৰ্চ-ট্ৰেডিঙৰ ভয়ত মহাজোঁটৰ আন এটা অংশীদাৰ দল বি পি এফৰ প্ৰাৰ্থী সকলকো বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গোপন স্থানত আৱদ্ধ কৰি ৰাখিছে বুলি দলীয় এক সূত্ৰই জানিবলৈ দিছে ৷ সূত্ৰটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি বিপিএফৰ প্ৰাৰ্থী সকলক কিছুদিন পশ্চিমবংগৰ শিলিগুৰীৰ এখন হোটেলত আৱদ্ধ কৰি ৰাখিছিল ৷ কিন্তু আগন্তুক ২ এপ্ৰিলৰ ভোট গণনা আৰু ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগৰ পৰা 21 এপ্ৰিলত অতি গোপনে অসমলে লৈ অহা হয় প্ৰাৰ্থীসকলক ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি কৰিছে বিপিএফৰ প্ৰাৰ্থী সকলে ?

ইয়াৰ পাচতে ২১ এপ্ৰিলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰীক্ষৰ মুচা জংগল ৰিট্ৰিট আৰু চিখ্ৰী ক’টেজত বিপিএফৰ প্ৰাৰ্থী সকলৰ লগতে বিপিএফ দলৰ সকলো এম চি এল এৰ উপৰিও বিপিএফ দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰায় ৫০/৬০ জনীয়া এটি বৃহৎ দলে বাহৰ পাতি আছে বুলি জানিব পৰা গৈছে ৷ সোমবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বি পি এফ দলৰ প্ৰাৰ্থী সকলৰ মাজত ই ভি এম সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচীও সম্পন্ন হৈ যায় বুলি জানিবলৈ দিছে দলটোৰ বিশেষ সূত্ৰটোৱে ৷ ইফালে ইভিএমৰ প্ৰশিক্ষণ দিয়াৰ বাবে দিল্লীৰ পৰা অহা কংগ্ৰেছৰ প্ৰশিক্ষকৰ দলটো সোমবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পোনে পোনে গুৱাহাটীলৈ গৈছে ৷

মনকৰিবলগীয়া যে, এই সমগ্ৰ বিষয় সাংবাদিকে জানিব পাৰি খবৰ সংগ্ৰহ কৰিবলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰীক্ষত উপস্থিত হোৱা পাচতে এই সমগ্ৰ বিষয়টো অস্বীকাৰ কৰে বি পি এফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে ৷ এজেণ্টৰ প্ৰশিক্ষণৰ বাবে মানাহলৈ অহাৰ বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে ৷

লগতে পঢ়ক : বিহমাৰী সাপ্তাহিক বজাৰত ক'ভিডৰ নীতি উলংঘা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.