ETV Bharat / state

চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যুৰ অভিযোগ অস্বীকাৰ বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষৰ - চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসকৰ অৱহেলাত এগৰাকী ৰোগীৰ মৃত্যুৰ ঘটনাক অস্বীকাৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ(Bmch principal press meet) ৷ বৃহস্পতিবাৰে বিয়লি দূৰ্ঘটনাত পতিত হাউলীৰ প্ৰকাশ সাহা নামৰ লোকজনৰ বৰপেটা মেডিকেল কলেজ হাস্পতালত মৃত্যুৰ পিচতে চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে(Death of patient due to doctor negligence) ৷

bmch principal press meet on patient dead issue
বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যুৰ অভিযোগ অস্বীকাৰ
author img

By

Published : Sep 24, 2022, 9:48 PM IST

বৰপেটা, ২৪ ছেপ্টেম্বৰ: বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ সংবাদমেল(Bmch principal press meet) । সংবাদমেলত বহুকেইটা বিষয়ৰ লগতে বৃহস্পতিবাৰে উত্থাপন হোৱা এক অভিযোগৰ ওপৰতো মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে । হাউলীৰ প্ৰকাশ সাহা নামৰ লোকজনৰ বৰপেটা মেডিকেল কলেজ হাস্পতালত মৃত্যুৰ পিচতে চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে(Death of patient due to doctor negligence) । কিন্তু সেই অভিযোগক একেষাৰেই নাকচ কৰিলে অধ্যক্ষগৰাকীয়ে ।

লগতে কি পৰিস্থিতিত প্ৰকাশ সাহা নামৰ ৰোগীজন বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছিল আৰু তাৰ পৰৱৰ্তী চিকিৎসা সম্পৰ্কীয় তথ্যও প্ৰকাশ কৰে অধ্যক্ষ ৰমেন তালুকদাৰে । এই অভিযোগ সস্পূৰ্ণভাৱে নাকচ কৰি অধ্যক্ষগৰাকীয়ে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উন্নয়নৰ বাবে গ্ৰহন কৰা ব্যৱস্থা সম্পৰ্কে মন্তব্য কৰে ৷ এইক্ষেত্ৰত বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ সৈতে বৰপেটা সদৰৰ সাংবাদিকসকলৰ এটা WhatsApp গ্ৰুপ গঠন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই তালুকদাৰে ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যুৰ অভিযোগ অস্বীকাৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি হাউলীৰ প্ৰকাশ সাহা নামৰ এজন লোক বৰপেটাৰোডত পথ দুৰ্ঘটনাত আহত হৈছিল (Road accident in Barpeta)৷ আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে প্ৰকাশ সাহাক বৰপেটা মেডিকেল কলেজ হাস্পতালত(Fakhruddin Ali Ahmed Medical College and Hospital) ভৰ্তি কৰে যদিও নিশা প্ৰায় ডেৰ বজাত লোকজন মৃত্যুমুখত পৰে (Patient dead in Barpeta hospital)৷ ইপিনে মেডিকেল কলেজ হাস্পতালত কৰ্তব্যৰত চিকিৎসকে দুৰ্ঘটনাত আহত ব্যক্তিজনক চিকিৎসা প্ৰদানত হেমাহি প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰিছিল আত্মীয়ই ৷

আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসা প্ৰদান কৰিবলৈ আত্মীয় আৰু পৰিয়ালৰ লোকে চিকিৎসকক জনোৱা অনুৰোধৰ প্ৰতিও চিকিৎসকে গুৰুত্ব প্ৰদানৰ সলনি গা এৰা দিয়া বুলি অভিযোগ তুলিছিল আত্মীয়ই ৷ আনকি চিকিৎসকে আত্মীয়ক ধমকিহে প্ৰদান কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল ৷

ইপিনে চিকিৎসকৰ গাফিলতিত নিশাৰ ভাগত ৰোগীজনৰ মৃত্যু হোৱাৰ পাচত সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবে মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই দুৰ্ঘটনাগ্ৰস্ত ৰোগীজনৰ লগত অহা এজন যুৱকৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰিছিল ৷ চিকিৎসকক পিষ্টল দেখুওৱা বুলি যুৱকজনৰ বিৰুদ্ধে ভুৱা অভিযোগ কৰি আৰক্ষীৰ দ্বাৰা যুৱকজনক হাৰাশাস্তি কৰোৱাৰ কথাও প্ৰকাশ কৰিছিল ৰোগীৰ আত্মীয়ই ৷ ইমান পাছত অধ্যক্ষগৰাকীৰ মন্তব্য়ই এতিয়া কি প্ৰভাৱ পেলাব সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: বৰপেটাত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.