জনীয়া, 9 জুলাই: জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত আয়োজন কৰা হৈছে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী ৷ বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰৰ পৰা আয়োজন কৰা এই পাঠদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷
বৰভিটাৰ লগতে কলগাছিয়াৰ খৰিচালা আৰু বালাগাঁওতো এই বিনামূলীয়া পাঠদান আৰম্ভ হৈছে । বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী লাল মামুদৰ ৰহমানে বিনামূলীয়া পাঠদান কাৰ্যসূচী উদ্বোধন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, বিজেপিৰ টিকট পোৱাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আশাবাদী লগতে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত ভাল ফল দেখুৱাব বিজেপিয়ে । কেন্দ্ৰত বিজেপি চৰকাৰে লোৱা জনহিতকৰ আঁচনীও বিজেপি সফলতাৰ এক কাৰণ । ইয়াৰোপৰিও গৰাখহনীয়া, 'ডি' ভোটৰ সমস্যা আৰু ৰাস্তা ঘাটৰ সমস্যা আদি হ’ব তেওঁৰ নিৰ্বাচনী ইছ্যু ৷