বৰপেটা , ১৩ নৱেম্বৰঃ বৰপেটা জিলা বিজেপিৰ সাংগঠনিক নিৰ্বাচন সন্দৰ্ভত বুধবাৰে এখন সংবাদমেলৰ সম্বোধন কৰিলে বৰপেটা জিলাৰ নিৰ্বাচনী বিষয়া শৰৎ বৰ্মনে ৷ দলীয় নিৰ্বাচনৰ প্ৰভাৰী প্ৰণব লহকৰ , সাংগঠনিক নিৰ্বাচনৰ সহযোগী নিৰ্বাচনী বিষয়া বুবুল দেউৰী , বিজেপিৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক অৰবিন্দ বৰ্মনৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদমেলখনৰ জৰিয়তে জিলাখনৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত অৱগত কৰে দলীয় নেতা সকলে ৷
বৰপেটা জিলাৰ সাংগঠনিক নিৰ্বাচনলৈ সাজু বিজেপি সংবাদমেলত জনোৱা মতে, সৰভোগ সমষ্টিৰ তিনিটা মণ্ডলৰ বাবে তিনিজন, বৰপেটাৰোডত এজন, গোবৰ্ধনা মণ্ডলৰ সাতজন সভাপতিয়ে ৰাজ্যিক সভাপতিক বিষয়বাব বাছনি কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছে ৷ ইপিনে চেঙা মণ্ডলৰ সভাপতি নিৰ্বাচনৰ কৰ্তৃত্ব ৰাজ্যিক সভাপতিক দিছে বুলি জানিবলৈ দিয়ে দলীয় নেতাসকলে ৷ বৰপেটা জিলাৰ বাৰ খন মণ্ডল সমিতিৰ ভিতৰত দহ খন সমিতি পুনৰ গঠন হৈছে বুলি জানিবলৈ দি নিৰ্বাচনী বিষয়াজনে কয় যে , অহা ১৮ তাৰিখৰ ভিতৰত সকলো সমিতিৰ গঠন সম্পূৰ্ণ হ'ব ৷ সংবাদমেলত দলীয় বিষয়াসকলে জনায় যে , সৰভোগৰ তিনিটা মণ্ডল, বৰপেটাৰ তিনিটা মণ্ডল, বৰপেটা নগৰ, বৰপেটা ব্লক মণ্ডল, হাউলী মণ্ডল , গোমা ফুলবাৰী, মন্দিয়া , জনীয়া আৰু ৰূপসী মণ্ডলৰ নিৰ্বাচনী কাম কাজ অব্যাহত আছে ৷ লগতে পঢ়কঃ গৃহহীন শিশুসকলৰ শিশু দিৱস উদযাপন